হোলীৰ খাদ্য খোৱাৰ পিছত গেছ আৰু এচিডিটিৰ সমস্যাৰ সন্মুখীন হ’লে, গ্ৰহণ কৰক এই ঘৰুৱা উপায়
হোলীৰ পিছদিনা বেছিভাগ মানুহৰে বদহজমৰ সমস্যা হয়। ভজা আৰু মিঠা খাদ্য (যেনে গুঝিয়াৰ দৰে মিঠাই) খোৱা আৰু বিভিন্ন ধৰণৰ পানীয় খালে হজম শক্তিৰ সমস্যা হয়। পেটত গেছ আৰু এচিডিটিৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে। বুকুত জ্বলা-পোৰা আৰু সামান্য বিষ হয়। এই পৰিস্থিতিত কি কৰিব লাগে জানো আহক-
পেটৰ গেছ আৰু এচিডিটিৰ সমস্যাৰ বাবে বহুতো প্ৰাকৃতিক ঘৰুৱা উপায় আছে। এইয়া গ্ৰহণ কৰিলে পাচনতন্ত্ৰ পুনৰ সুস্থ হ’ব পাৰে-
- ভেন্দি
ভেন্দি পানীত কেইঘণ্টামান তিয়াই থোৱাৰ পিছত সেই ভেন্দি পোনপটীয়াকৈ চোবাই খাব লাগে। ইয়াৰ দ্বাৰা গেছ আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ পাব। হজম শক্তিৰ বাবে ভেন্দি স্বাস্থ্যকৰ বুলি বিবেচিত হয়। ইয়াত এন্টিঅক্সিডেন্ট পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত সহায় কৰে।
- গুড়
ঠাণ্ডা পানীত গুড় কিছু দি কিছু সময়ৰ পাছত সেই পানী খাব লাগে। ইয়াৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যাও হ্ৰাস পাব পাৰে।
- তুলসী
তুলসী পাত ধুই পানী একাপ উতলাই তাত পাতখিনি দি গৰম চাহৰ দৰে লাহে লাহে খাব।
- নেমুৰ পানী
এগিলাচ কুহুমীয়া পানীত নেমু দি সেৱন কৰিলেও গেছ আৰু এচিডিটিৰ সমস্যা হ্ৰাস পাব পাৰে। পেটৰ বাবে নেমুৰ পানী উপকাৰী।
- আলমণ্ড
কেঁচা আলমণ্ড খালেও এই সমস্যাৰ পৰা সকাহ পাব পাৰি। তিয়াই থোৱা আলমণ্ড এমুঠি আৰু কিছু কল একেলগে খালে পেটৰ সমস্যাৰ পৰা উপশম পোৱা যায়।
এচিডিটিৰ পৰা দীৰ্ঘম্যাদী সকাহ পাবলৈ এন্টাচিডো খাব পাৰে। ই পেটৰ এচিড কমোৱাত সহায় কৰে আৰু এচিডিটিৰ লক্ষণৰ পৰা তৎক্ষণাত সকাহ দিয়ে।