মৰ্মান্তিক ঘটনা! গা ধুবলৈ গৈ দুই কিশোৰীয়ে হেৰুৱালে প্ৰাণ
হোজাই জিলাৰ ঠিকাদাৰ বস্তিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এটা পুখুৰীত গা ধুবলৈ গৈ দুগৰাকী কিশোৰীয়ে মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
লাভ কৰা খবৰ অনুসৰি, কিশোৰী দুগৰাকীয়ে নিজৰ ঘৰৰ সমীপত অবৈধভাৱে খান্দি থোৱা ১০/১২ ফুট দ’ পুখুৰীত গা ধুবলৈ গৈছিল। ইয়াৰ পিছতে পুখুৰীটোৰ গভীৰতাত সোমাই যোৱাত কিশোৰী দুগৰাকীৰ সৈতে এই ভয়ংকৰ ঘটনা ঘটে।
মৃত কিশোৰী দুগৰাকীক ক্ৰমে ইচিকা সৰকাৰ আৰু নিকিতা সৰকাৰ বুলি চিনাক্ত কৰিছে। ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।
উল্লেখ্য যে, নিজৰ দুই শিশুক হেৰুৱাই পৰিয়ালৰ লোকৰ লগতে ওচৰ-চুবুৰীয়া আৰু আত্মীয়ই কান্দোনত ভাঙি পৰিছে।