জানিবলৈ পঢ়ক ৰাশিফল
মেষ: গভীৰ চাপত থাকিব; বিৰক্তি আৰু অলসতাই আপোনাক বেৰি থাকিব পাৰে । দোদুল্যমান মনক নিয়ন্ত্ৰণ কৰক আৰু মনটো স্থিৰ কৰক । যাত্ৰাৰ পৰিকল্পনা সলনি কৰক, কাৰ্যালয়ৰ কামৰ বাবে উপযুক্ত সময় নহয় । শুভ ৰং- ৰঙা, শুভ নম্বৰ- ৪
বৃষ: ব্যৱসায়ীসকলৰ বাবে আজি দিনটো অতি লাভজনক হ’ব। সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব। বন্ধুৰ লগত চিনেমা চাই বা পিকনিকলৈ গৈ আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে। শুভ ৰং- নীলা, শুভ নম্বৰ-২
মিথুন: এটা সাধাৰণ দিন । নতুন কামক স্থগিত কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে ৷ সামাজিক যোগাযোগ সীমিত হ’ব আৰু সন্তানৰ বাবে চিন্তা থাকিব । ঘৰুৱা পৰিবেশ বন্ধুত্বপূৰ্ণ হ’ব আৰু কোনো সৃজনশীল কামৰ বাবে প্ৰেৰণা লাভ কৰিব । শুভ ৰং- বগা, শুভ নম্বৰ-১
কৰ্কট: নতুন পোছাক আৰু গহণা ক্ৰয় কৰাৰ সম্ভাৱনা আছে । বন্ধুৰ লগত বজাৰ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক । খোৱা, ক্ৰয় কৰা আৰু আনন্দ কৰাৰ সময় । সামাজিক মান্যতা আৰু খ্যাতি বৃদ্ধি পাব । নতুনকৈ লগ পোৱা মানুহৰ লগত ভাবি চিন্তিহে বন্ধুত্ব কৰিব । শুভ ৰং- সেউজীয়া, শুভ নম্বৰ-৪
সিংহ: যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, আজিৰ দিনটো তাৰ বাবে অতি শুভ । বিনিয়োগৰ বাবেও উপযুক্ত সময় । মাতৃৰ শৰীৰ ভাল নাথাকিব । ঘৰ বা সম্পত্তিৰ লেনদেন সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটো নল’ব । সতৰ্ক হৈ থাকক ।শুভ ৰং- নীলা, শুভ নম্বৰ-৬
কন্যা: আজি আপুনি মনে মনে থকাই উচিত; চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ৷ প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ বাবেও এটা সাধাৰণ দিন । ঘৰত থকা আজৰি সময়ত, আপুনি পৰিয়াল কেন্দ্ৰীক গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চৰ্চা কৰিব পাৰে । শুভ ৰং- সেউজীয়া, শুভ নম্বৰ-২
তুলা: নিজকে অধিক ভালদৰে জানিবৰ বাবে চেষ্টা কৰাৰ সম্ভাবনা আছে । নিজৰ চিন্তাধাৰাক মুক্ত কৰক আৰু লিখা-পঢ়া কৰি নিজকে ব্যক্ত কৰক । ভৌতিক বিষয়ৰ উপৰিও, আনন্দৰে আৰম্ভ আৰু অন্ত পৰা বিষয়ত আপুনি আগ্ৰহী হোৱাৰ সম্ভাৱনা আছে । কৰ্মস্থলীত সতৰ্ক হওক । সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আতঁৰত থাকক; অনিশ্চিত মনোদশাই বিপদত পেলাব পাৰে । শুভ ৰং- কমলা, শুভ নম্বৰ-১
বৃশ্চিক: ইতিবাচক দিন হ’ব । নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক । আইনী কাম-কাজসমূহ নিজৰ গতিত আগবাঢ়িবলৈ দিয়ক । আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । দিনটোৰ পিছৰ ভাগত পৰিস্থিতি উন্নত হ’ব পাৰে । আপুনি উৎসাহিত আৰু আত্মবিশ্বাসী অনুভৱ কৰিব আৰু সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব । শুভ ৰং- ৰঙা, শুভ নম্বৰ-৯
ধনু: আশীৰ্বাদৰ বৃষ্টি হ’ব; দিনটো আপোনাৰ বাবে লাভজনক হ’ব । আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে । অত্যধিক ব্যয় নকৰিব । আনৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে আপুনি শান্ত আৰু ধৈৰ্যশীল হ’ব লাগিব; আপোনাৰ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে । শুভ ৰং- সুমথিৰা, শুভ নম্বৰ-৮
মকৰ: আপুনি বিচৰা সকলো পাব । সম্পত্তি বিষয়ক লেনদেনৰ বাবে উপযুক্ত সময় । কৰ্মস্থলীত, আপুনি কামৰ আৰম্ভ কৰিব আৰু সম্পূৰ্ণ কৰিব । আপোনাৰ বচক প্ৰভাম্বিত কৰিব পাৰিব । পদোন্নতিৰ সুযোগ পাব পাৰে । পৰিয়াল আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক । আপোনাৰ সপোন পূৰণ কৰাৰ সময় । শুভ ৰং- নীলা, শুভ নম্বৰ-৫
কুম্ভ: সন্তুলিত আৰু মনোযোগী হ’ব । পুৱা খোজকাঢ়িবলৈ গ’লে অধিক আনন্দিত অনুভৱ কৰিব । নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক, একেসময়তে ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত থকা মনোমালিন্য দূৰ কৰিব পাৰে । শুভ ৰং- ৰঙা, শুভ নম্বৰ-১
মীন: পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অৱলম্বন কৰিব লগা হ’ব পাৰে। কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক, উপকৃত হ’ব। মধ্যাহ্নৰ পিছত কৰ্মস্থলীত পৰিবেশ আপোনাৰ পক্ষতে থাকিব আৰু অধিক শান্ত হ’ব। ঘৰতো একেই পৰিবেশ থাকিব; শান্তিপূৰ্ণ পৰিবেশে আপোনাক আনন্দিত আৰু উৎসাহিত কৰিব। প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিব লগা হ’ব পাৰে। শুভ ৰং- নীলা, শুভ নম্বৰ-২