শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। এই সন্মানৰ বাবে শ্ৰীলংকাক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ আৰু কয় যে এয়া কেৱল তেওঁৰ বাবেই নহয় ১৪০ কোটি ভাৰতীয়ৰ বাবে এই সন্মান।

উল্লেখ্য যে, সম্প্ৰতি ৩ দিনীয়া শ্ৰীলংকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ প্ৰথম দিনাই ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰতিৰক্ষা আৰু আন্তঃগাঁথনিকে ধৰি কেইবাখনো চুক্তি স্বাক্ষৰিত হয়।

ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰতৰ দৃষ্টিভংগী হৈছে সবকা সাথ, সবকা বিকাশ। আমি বন্ধুত্বপূৰ্ণ দেশসমূহক অগ্ৰাধিকাৰ দিওঁ। শ্ৰীলংকা কেৱল আমাৰ চুবুৰীয়া দেশেই নহয়, ভাল বন্ধুও। শ্ৰীলংকাৰ কঠিন সময়ত আমি দৃঢ়তাৰে থিয় দিছিলো। আজি ৰাষ্ট্ৰপতি দিছানায়কৰ হাতেৰে শ্ৰীলংকা মিত্ৰ বিভূষণ বঁটা লাভ কৰাটো মোৰ বাবে গৌৰৱৰ বিষয়। এই সন্মান কেৱল মোৰ নহয়, ১৪০ কোটি ভাৰতীয়ৰ সন্মান। ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি সন্মান।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা সুদৃঢ় সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৯ চনৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওক, ক’ভিড মহামাৰীয়েই হওক বা শেহতীয়া অৰ্থনৈতিক সংকটেই হওক, প্ৰতিটো কঠিন পৰিস্থিতিত আমি শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে থিয় দিছো।

Leave A Reply

Your email address will not be published.