সাধাৰণ জনতাক মাধমাৰ! ৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য
পেট্ৰ’ল-ডিজেলৰ পিছত এইবাৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। প্ৰতিটো ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পাব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে।
আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অনুসৰি আজি মাজ নিশা ১২ বজাৰ পৰা এই বৰ্ধিত নিৰিখ কাৰ্যকৰী হ’ব।
এই বৰ্ধিত মূল্য সাধাৰণ ব্যৱহাৰকাৰীৰ লগতে উজ্জলা গেছ ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। অৰ্থাত মঙলবাৰৰ পৰা ১৪.২ কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছ সাধাৰণ লোকে ৮০৩ টকাৰ পৰিৱৰ্তে ৮৫৩ টকাত ক্ৰয় কৰিব লাগিব।
আনহাতে উজ্জলা ব্যৱহাৰকাৰীয়ে ১৪.২ কিলোগ্ৰাম ওজনৰ ৰন্ধন গেছ ৫০৩ টকাৰ পৰিৱৰ্তে ৫৫৩ টকাত ক্ৰয় কৰিব লাগিব।
কেন্দ্ৰীয় মন্ত্ৰীৰ এই ঘোষণাৰ পিছতে এতিয়া দেশৰ সৰ্বসাধাৰণ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ ক্ষুন্ন হৈ পৰিছে সাধাৰণ জনতা।