আজিৰ দিনটোৰ ৰাশিফল…

0

মেষ- বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং- সুমথিৰা।

বৃষ- শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা আৰু সোণালী।

মিথুন-আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব সুগন্ধিৰ দৰে চাৰিওফালে বিয়পি পৰিব। যিয়ে সকলোকে আকৰ্ষিত কৰিব। ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা।

কৰ্কট-বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আন দিনাতকৈ আজি আপোনাৰ ভালে যাব স্বাস্থ্য। বিদ্যাৰ্থীৰ বাবে শিভ। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া।

সিংহ-মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ।শুভ নম্বৰ- ১, শুভ ৰং- হালধীয়া।

কন্যা-আজিৰ দিনটো আপোনাৰ বাবে সুখজনক নহ’ব পাৰে। পিতৃ বা মাতৃয়ে স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। শিক্ষকতাৰ দৰে বৃত্তিত জড়িত লোকসকলে ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজি বিনিয়োগ কৰাৰ উত্তম সময়। শুভ সংখ্যা- ৯, শুভ ৰং- শুভ্ৰ।

তুলা-আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।

বৃশ্চিক-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া।

ধনু-আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ নম্বৰ-৭, শুভ ৰং-মাখন আৰু বগা।

মকৰ-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।

কুম্ভ-আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।শুভ নম্বৰ- ৫, শুভ ৰং- সেউজীয়া।

মীন-প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। শুভ নম্বৰ- ৪, শুভ ৰং- ৰঙা।

Leave A Reply

Your email address will not be published.