আজি সমগ্র দেশৰ লগতে বোকাজানতো ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।
বোকাজানতো উদযাপন কৰা হয় স্বাধীনতা দিৱস
আজি সমগ্ৰ দেশবাসীয়ে অতি উলহ মালহেৰে উদযাপন কৰিছে ৭৮সংখ্যক স্বাধীনতা দিৱস।
কাৰ্বি আংলং জিলাৰ বোকাজান ক্ৰীড়া সন্থা খেলপথাৰত বোকাজান মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হৈছে ৭৮তম স্বাধীনতা দিৱস।
প্ৰভাত ফেৰীৰে আৰম্ভ কৰে স্বাধীনতা দিৱসৰ প্ৰথম কাৰ্যসূচী,পাছত মহকুমাধিপতি দেবাহুটি বৰাই শ্বহীদ তৰ্পণ কৰাৰ পাছতেই উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা।
অসম আৰক্ষী,CRPF বাহিনীৰ উপৰিও বোকাজানৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয় পৰা অহা ছাত্র ছাত্ৰী সকলে পেৰেডত অংশগ্ৰহণ কৰে।