২৫ বছৰীয়া যুৱক পুখুৰী গাতত পৰি মৃত্যু হয়।
তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকী অন্তৰ্গত থকা তালাপ খেৰবাৰী নতুন খুটি লাইনৰ এজন ২৫ বছৰীয়া যুৱক পুখুৰী গাতত পৰি মৃত্যু হয়। যুৱক জন সোমবাৰে দিনৰ ভাগত ঘৰৰ পৰা ওলাই যায় , কিন্তু তেতিয়াৰ পৰায়ে আৰু ঘৰলৈ ঘূৰি নাহে । পুখুৰী পানীত পৰি মৃত্যু হোৱা যুৱক জনৰ নাম কল্যাশ খাৰিয়া(২৫) বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি অতিপাত মদ পান কৰাৰ ক্ষেত্ৰত এই ঘটনাটো ঘটিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ অইল কেম্পৰ নামৰ ঠাইডোখৰত চুলাই,মদৰ আড্ডা আছে । কিন্তু স্থানীয় ৰাইজে মদৰ ঘাটি সমূহ উচ্ছেদ কৰিবলৈ প্ৰতিবাদ কৰি আহিছে যদিও আজিলৈকে পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব নিদিয়া অভিযোগ উঠিছে। সেইকাৰণে এনেধৰণৰ ঘটনা ঘটিছে বুলি ধাৰণা কৰা হৈছে। আজি প্ৰথম অৱস্থাত পানীত কি বস্তু উপঙি আছে বুলি ধাৰণা কৰিছিল,পৰৱতি সময়ত ভালদৰে তদন্ত কৰাত মানুহ হয় বুলি হোৱা-দুৱা লাগিল। ততাতৈয়াকৈ স্থানীয় ৰাইজে তালাপ আৰক্ষীক খবৰ দিয়াত তালাপ আৰক্ষী উপস্থিত হৈ তদন্ত চলাই বৰ্তমান মৃত্যু হোৱা যুৱক জনক মৰোনোত্বৰ কাৰণে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে।