১৮ মাহত নতুন ৰূপত নিৰ্মাণ হব যোৰহাট চকবজাৰ, মুখ্যমন্ত্ৰীৰ তৎপৰতা ভূমি পূজন

0

১৮ মাহত নতুন ৰূপত নিৰ্মাণ হব যোৰহাট চকবজাৰ : মুখ্যমন্ত্ৰীৰ তৎপৰতা : ভূমি পূজন : অগ্নিত জাহ গৈছিল বজাৰ খন:
যোৰহাটৰ ঐতিহ্যমণ্ডিত চক বজাৰ ন ৰূপত নির্মাণ হৈ উঠিব। প্ৰায় ৪৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব লগীয়া বজাৰ খনৰ কাম ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হব। বিগত ২০১৩ চনৰ ১৬ ফেব্ৰুৱাৰীত অগ্নিকাণ্ডত জাহ যোৱা চক বজাৰ খন পুনৰ ন ৰূপত নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক তৎপৰতা গ্ৰহণ কৰি ৪৪ কোটি টকা অনুমোদন জনাই। আজি এই চক বজাৰ নিৰ্মাণ কাৰ্যৰ ভূমিপূজন আৰু আধাৰ শিলা কৰে বিত্ত তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে। উল্লেখযোগ্য যে বজাৰ খন জুইত জাহ যোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে বিশেষ তৎপৰতা লৈ ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলক এক কালীন সাহায্য দিয়াৰ লগতে তেওঁলোকক অস্থায়ী বজাৰ এখন নিৰ্মাণ কৰি দিছিল। বৰ্তমান চাৰি মহিলাকৈ নিৰ্মাণ হব লগা বজাৰ খন হব ডেৰ লাখ স্কোৱাৰ ফুটৰ। এই উপলক্ষে অনুষ্ঠিত এক সভাত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, জিলা আয়ুক্ত পুলক মহন্ত আদি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.