শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ আন্দোলন অব্যাহত
শিলচৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ চিকিৎসকৰ আন্দোলন অব্যাহত l
কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদ
আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত চিকিৎসকহকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক ঐক্যবদ্ধ আন্দোলন আৰম্ভ কৰিছে জুনিয়ৰ ডক্তৰহকলে । আজি তিনি দিন ধৰি চলিয়াছে আন্দোল l শনিৰবাৰে ও শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ জুনিয়ৰ চিকিৎসকসকলে হাতত প্লেকাৰ্ড লৈ ধৰ্ণা আৰু বিক্ষোভ প্রদর্শন কৰে । বিভিন্ন শ্লোগানেৰে কঁপাই তুলে চিকিৎসালয় চৌহদ।
দিনে-ৰাতি কাম কৰি মানুহৰ জীৱন ৰক্ষা কৰিলেও সম্প্ৰতি তেওঁলোকৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে বুলি চিকিৎসক সকলে জানিবলৈ দিয়ে। কলকাতাৰ আৰ্জি কৰ হাস্পতালত কৰ্মৰত এগৰাকী মহিলা চিকিৎসকক নৃশংসভাৱে হত্যাকাণ্ডত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে তেওঁলোকে ।
দাবি পূৰণ নহলে আন্দোলন অব্যাহত থাকিব বুলি জনালে জুনিয়ৰ চিকিৎসক হকলে l