বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে নগাঁৱত বিক্ষোভ প্ৰদৰ্শণ।
বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে নগাঁৱত বিক্ষোভ প্ৰদৰ্শণ।
বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ আৰু মঠ মন্দিৰ ধবংসৰ প্ৰতিবাদত শনিবাৰে নগাঁৱৰ হিন্দু মিলন মন্দিৰত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰত সেৱাশ্ৰম সংঘ আৰু হিন্দুৰক্ষি দলৰ নেতৃত্বত প্ৰায় পাঁছ শতাধিক লোকে অংশ গ্ৰহণ কৰা বিক্ষোভ কাৰ্যসূচীৰ পাছতে হিন্দু মিলন মন্দিৰ প্ৰাঙ্গনৰ পৰা নগাঁও নগাঁও চহৰৰ মাজেৰে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। উক্ত ৰেলীত নগাঁও চহৰৰ বিভিন্ন মন্দিৰ সমিতিৰ লগতে কেইবাটাও হিন্দু সংগঠনে অংশ গ্ৰহণ কৰে। বিক্ষোভ কাৰী সকলে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন আৰু মঠ মন্দিৰ ধ্বংস বন্ধৰ ব্যৱস্থা লবলৈ কেন্দ্ৰীয় চৰকাৰৰক আহ্বান জনায়।