লক্ষীপুৰত মা মনসাৰ পূজাক কেন্দ্র কৰি কেতিয়াও নেদেখা পৰিবেশ কেমেৰাত বন্দি l

0

লক্ষীপুৰত মা মনসাৰ পূজাক কেন্দ্র কৰি কেতিয়াও নেদেখা পৰিবেশ কেমেৰাত বন্দি l

কাছাৰৰ লক্ষীপুৰত মা মনসাৰ পূজাক কেন্দ্র কৰি উকলমাখল পৰিবেশ পৰিলক্ষিত হৈছে l শ্রমিক অধ্যুষিত ছোটমামদা গাঁৱত পৰিলক্ষিত হৈছে পৰিবেশটাে l মা মনসাৰ পূজাক কেন্দ্র কৰি আন কৰবাত হয়তো এনে পৰিবেশৰ সৃষ্টি হোৱা নাই l কিন্তু এইবাৰ এয়া নতুন নহয় l ব্রিটিশ আমলৰ পৰা এনে প্রথা চলি আহিছে বুলি জানিবলৈ দিয়ে ভক্তপ্রাণ ৰাইজে l
তেওঁলোকৰ ভাষ্য, আশিষলৈ বিপদমুক্ত হোৱাৰ আস্থাত প্রতিবছৰ প্রতিমাৰ সংখ্যা বাঢ়ি আহিছে l জাৰবাবে শ্রাবণ মাহৰ শেষত এটা ঘৰত বহু কেইটা প্রতিমাৰ পূজা হৈছে l আৰু পিছদিনা প্রতিমাখিনি বাহিৰত আনি সাৰিবদ্ধ কৰি ৰাখি পূজা-আৰতিৰ পিছত ৰঙ খেলিৰ মাজেৰে লৈ-গৈ প্রতিমাখিনি বিসর্জন দিয়া হয় l আৰু ইয়াকে কেন্দ্র কৰি সৃষ্টি হয় ভক্তপ্রাণ ৰাইজৰ লোকেলোকাৰণ্য পৰিবেশৰ l

Leave A Reply

Your email address will not be published.