নহিৰা লক্ষ্মীনাৰায়ণ উচ্চ বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি স্থায়ী তোৰণ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি।
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা লক্ষ্মীনাৰায়ণ উচ্চ বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন কৰাৰ যো যা ইতিমধ্যে আৰম্ভ হৈছে।
চলিত বৰ্ষৰ ২৮ আৰু ২৯ ডিচেম্বৰত উদযাপন কৰা হ’ব মহাৰজত জয়ন্তী।
তদুপলক্ষে আজি মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি স্থায়ী তোৰণ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয় ।
আজিৰ উক্ত অনুষ্ঠানত তোঁৰণ দাতাৰ পৰিয়ালৰ যতীন্দ্ৰ চন্দ্ৰ গোস্বামী আৰু ভূপেন গোস্বামী, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ দত্ত, প্ৰধান শিক্ষয়ত্ৰী স্বপ্না তালুকদাৰ,নহিৰা মৃত্যুঞ্জয় সংঘৰ মনোজ পাল,অনন্ত দাস,পৰেশ ঠাকুৰীয়া, মহাৰজত জয়ন্তী উদযাপন সমিতিৰ উপ সভাপতি নাগেশ্বৰ কলিতা,প্ৰাক্তন শিক্ষক নৰেণ দত্ত গোস্বামী, উত্তম দাস লগতে অঞ্চলটোৰ বহুকেইগৰাকী লোক উপস্থিত থাকে।