যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে প্ৰথমবাৰৰ বাবে আমগুৰিত গৌৰৱ গগৈ।

0

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে প্ৰথমবাৰৰ বাবে আমগুৰিত গৌৰৱ গগৈ।

আমগুৰিত সাংসদগৰাকীক বিপুল আদৰণি।

যোৰহাট সাংসদ সমষ্টিত বহু সমস্যা আছে । বিশেষকৈ কৃত্ৰিম বানৰ সমস্যা । কৃত্ৰিম বানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ডুব যায় । এই সমস্যাবোৰ সমাধান কৰিব লাগিব ।

নগৰ উন্নয়নৰ বাবে পৰ্য্যাপ্ত ধন আহে কিন্তু ঠিকাদাৰে মুনাফা লাভৰ আশাত অধিকাংশ ধনৰ উপযুক্ত ব্যয় নকৰে ।

বৰ্তমান স্মাৰ্ট চিটীটো বাদেই স্মাৰ্ট নগৰো দেখিবলৈ পোৱা নাযায় ।গুৱাহাটীত মানুহে বাৰিষাৰ দিনত ঘৰৰ পৰা ওলাবলৈ মন নকৰে কাৰণ কত কৃত্ৰিম বানৰ ফলত কত ফচি যাব লগা হয় ঠিক নাই – গৌৰৱ গগৈ

আমগুৰি পৌৰসভাৰ পদেন সদস্য হিচাপে শপথ গ্ৰহণ গৌৰৱ গগৈ।

শিৱসাগৰ পৌৰসভাৰ পদেন সদস্য হিচাপেও শপথ গ্ৰহণ কৰিব সাংসদগৰাকীয়ে ।

শপথ বাক্য পাঠ কৰোৱায় নাজিৰাৰ নিৰ্বাচনী বিষয়া গায়ত্ৰী পাটীৰে।

আমগুৰি পৌৰসভাৰ কাৰ্য্যালয়ত অনুষ্ঠিত শপথ গ্ৰহণ অনুষ্ঠান।

শপথ গ্ৰহণ অনুষ্ঠানত নাজিৰা সমষ্টিৰ বিধায়ক দেব্ৰবত শইকীয়া,তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাৰ লগতে শিৱসাগৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

শুনিবলৈ পাইছো মুখ্যমন্ত্ৰীয়ে মোৰ নামত ৯৯% সম্পত্তি দিব ।মোক সম্পত্তি নালাগে কিন্তু জনাৰ আমাৰ অধিকাৰ আছে এজন মানুহৰ ইমান সম্পত্তি কেনেকৈ হল?

মুখ্যমন্ত্ৰীয়ে সম্পত্তি গোটাইছে তাত আমাৰ কবলগীয়া নাই । কিন্তু সকলোৰে সমানে সম্পত্তি হওক । চিকিৎসক, শিক্ষক, সাংবাদিক আনকি বাগিচাৰ শ্ৰমিকৰ পৰা সাধাৰণ লোকজনলৈকে সকলোৰে সম্পত্তি হওক। কিন্তু এজন মানুহৰহে ইমান সম্পত্তি কেনেকৈ হল – গৌৰৱ গগৈ

যি সময়ত সমগ্ৰ মিডিয়া ইণ্ডাষ্ট্ৰি লোকচানৰ সন্মুখীন হৈছে । বহু মিডিয়া হাউচ ধনৰ অভাৱত বন্ধ হৈ গৈছে ,কৰ্মচাৰীক দৰমহা দিব পৰা নাই ,অৰ্ণৱ গোস্বামীৰ দৰে ব্যক্তিয়ে চেনেল চলাব নোৱাৰি ধাৰ লব লগা হৈছে । সেই সময়ত অসমৰ এটা চেনেলে কেনেকৈ ইমান লাভ কৰিছে । লাভৰ টকাৰে চাহ বাগিচা ক্ৰয় কৰিছে , ৰিচৰ্ট,দামী বিদ্যালয় খুলিছে । এইটো কেনকৈ সম্ভৱ কৰিছে তাকেহে ৰাইজে জানিবলৈ বিচাৰে । মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ প্ৰয়োজন নাই -গৌৰৱ গগৈ

স্বাধীনতা দিৱসৰ দিনটোত অসমৰ বিভিন্ন স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰাটো অসম আৰক্ষীৰ ইণ্টেলিজেণ্সৰ এক বৃহৎ বিফলতা – গৌৰৱ গগৈ।

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদায়েই কয় যে তেওঁ কংগ্ৰেছৰ ভিতৰচৰাৰ সকলো খবৰ পাই থাকে । আমাৰ খবৰ ৰখাতকৈ তেওঁ আলফা স্বাধীনে কি কৰিছে তাৰ খবৰ ৰাখক * – গৌৰৱ গগৈ

ফেব্ৰুৱাৰী মাহৰ ভিতৰত নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈকে চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হব । এই বিষয়ত মই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে কথা পতিছো । তেওঁ আশ্বাস দিছে । কাম সম্পূৰ্ণ কৰিব পাৰিলে মই নিজে গৈ তেখেতক গামোচা পিন্ধাই থৈ আহিম -গৌৱৰ গগৈ

২০২৬ ৰ বিধানসভা নিৰ্বাচনত দলে যি দায়িত্ব প্ৰদান কৰে তাকেই গ্ৰহণ কৰিম। যি স্থানৰ পৰাই টিকট প্ৰদান কৰে সেই স্থানৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম l

Leave A Reply

Your email address will not be published.