সৰুপথাৰ চুঙাজানৰ সীমান্তৰ বি চেক্টৰৰ নাওঘাটত দল সংগঠন সহযোগত ৰাইজৰ প্ৰতিবাদ ।
সৰুপথাৰ চুঙাজানৰ সীমান্তৰ বি চেক্টৰৰ নাওঘাটত সীমান্ত বাসীৰ নিৰাপত্তাত নিয়োজিত চি আৰ পি এফৰ বিৰুদ্ধে ভিন্ন দল সংগঠন সহযোগত ৰাইজৰ প্ৰতিবাদ । নাওঘাটত এমাহ পূৰ্বে চি আৰু পি এফ বাহিনীয়ে চেক গেট স্থাপন কৰি সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ মতে উক্ত গেটত স্থানীয় ৰাইজে ঘৰুৱা বিভিন্ন সামগ্ৰী অনা-নিয়া কৰোতে গাড়ীৰ নথিপত্ৰৰ ওপৰিও GST কাগজ, Border Magistrateৰ অনুজ্ঞাপত্ৰৰ বিছাৰি বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰ অভিযোগ তুলি অৰ্ধশতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে। যাৰ পৰিপ্ৰেক্ষিতত কেইবাঘন্টাধৰি মালবাহী গাড়ীৰ চলাচল বন্ধ কৰি দিয়ে স্থানীয় ৰাইজে ।