আৰক্ষী সঞ্চালক প্ৰধান জি সিঙৰ ধিঙৰ পৰিস্থিতি পৰ্যালোচনা

0

আৰক্ষী সঞ্চালক প্ৰধান জি সিঙৰ ধিঙৰ পৰিস্থিতি পৰ্যালোচনা:

নগাঁও: কালি সন্ধিয়া নগাঁও জিলাৰ ধিঙত সংঘটিত এক বলাৎকাৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাই আজি উদ্বিগ্নতা প্ৰকাশ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ধিঙলৈ আহিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙ ধিঙত উপস্থিত হৈ ভুক্তভোগী কিশোৰী গৰাকীৰ ঘৰ, ঘটনা স্থলী পৰিদৰ্শন কৰে। পাছত ধিং আৰক্ষী থানাত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাৰ কালত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়- কালিৰ ঘটনাৰ খবৰ পাই লগে লগে মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰাৰ লগতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৰাকীক তৎকালীন ভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। ইতিমধ্যে কালিৰ ঘটনাৰ সংক্ৰান্তত সন্দেহ জনক ভাৱে দুজন যুৱকক কৰায়ত্ব কৰা হৈছে আৰু সকলো তথ্য প্ৰমান চাই থকা হৈছে বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে আৰু কয়- ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অগ্ৰগতি লাভ কৰিছে। অতি কম সময়ৰ ভিতৰতে দোষীক চিনাক্ত আৰু কৰায়ত্ব কৰা হ’ব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে, আজি ধিং অঞ্চলৰ বিভিন্ন দল সংগঠনে কালিৰ ঘটনাৰ প্ৰতিবাদত স্বত:ফূৰ্তভাৱে ওলাই আহি শান্তি পূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। ধিঙ সমগ্ৰ ঘটনাৱলী সম্পৰ্কে নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে চোকা নজৰ ৰখা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.