বোকাজানত ডঃ মৌমিতা দেৱনাথৰ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা সভাl
বোকাজানত ডঃ মৌমিতা দেৱনাথৰ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা সভা
যোৱা ৯আগষ্ট তাৰিখে পশ্চিমবঙ্গত সংঘটিত হোৱা কৰুণ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল।চিকিৎসক ছাত্ৰী মৌমিতা দেৱনাথক এজাক নৰ পিশাচে ধৰ্ষণ কৰি নৃশংস ভাবে হত্যা কৰা ঘটনাক আজিও কোনোৱে সহজ ভাবে লব পৰা নাই।দুখীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিব বাবে প্ৰতিটো দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।যাতে পুনৰ কোনো মৌমিতা আমাৰ মাজৰ পৰা হেৰুৱাব লগা নহয়।
সমান্তৰালকৈ ছাত্ৰী গৰাকীৰ আত্মা শান্তিৰ অৰ্থে প্রান্তে প্রান্তে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।
বোকাজানাটো পেচিফিক চচাইটি উদ্যোগ ত ছাত্ৰী গৰাকীৰ আত্মাৰ চিৰ শান্তি বিচাৰি প্ৰাৰ্থনা সভা আয়োজন কৰে।
বোকাজান কালিবাৰী মন্দিৰৰ প্ৰাংগণত বৃহস্পতি বাৰে সন্ধিয়া পেচিফিক চচাইটি,নাৰী সংগঠন,জেষ্ঠ্য ব্যক্তি লগতে ছাত্ৰী সকল উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে মৌন প্ৰাৰ্থনা জনায়।
সভাত পেচিফিক চচাইটিৰ সভাপতি সুভাষ দেৱনাথ,সম্পাদক দীপক দাস সাহসী নাৰী সংগঠনৰ প্ৰিয়া শ্যাম ভট্টাচাৰ্যৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থকা দেখিবলৈ পোৱা যায়।