বটদ্ৰৱাৰ হাইডুবিত এডোখৰ ভূমি প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
ধিং ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ মণ্ডল নৃপেন দাস আৰু স্থানীয় গাওঁবুঢ়া মঞ্জুৰ আলমে ভুক্তভোগীৰ পৰিয়ালৰ পৰা উচ্ছেদ অভিযান স্তগিত ৰখাৰ নামত ধন লোৱাৰ পিছতো প্ৰশাসনে চলোৱা উচ্ছেদ অভিজানক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি।বিতৰ্কিত মণ্ডল নৃপেন দাসে চল্লিছ হেজাৰ টকা আৰু গাওঁবুঢ়া মঞ্জুৰ আলমে পঞ্চাশ হেজাৰ টকা আকলিমা খাতুনৰ পৰা উৎকোচ লোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। যাৰ বাবে উচ্ছেদ স্থলীতে জবাব দিহি কৰি উতপ্ত পৰিস্থিতি সৃষ্টি কৰে ভুক্তভোগী পৰিয়ালে।ইফালে মণ্ডল আৰু গাওঁবুঢ়াৰ বিৰূদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মণ্ডলক প্ৰশ্ন কৰোতে কেমেৰাৰ সন্মুখৰ পৰা পলায়ন কৰে মণ্ডল নৃপেন দাস।উল্লেখ্য যে পূৰ্বেও এইগৰাকী বিতৰ্কিত মণ্ডল নৃপেন দাসে মৃত ব্যক্তিক জীৱিত সজাই মাটিৰ নামজাৰী কৰাৰ অভিযোগ আছে।প্ৰায় বিশ বছৰ ধৰি একেটা কার্যলয়ত থাকি এইগৰাকী বিতৰ্কিত মণ্ডল নৃপেন দাসে মাটিৰ নামজাৰী কৰাৰ নামত গাঁৱৰ দুখীয়া নিচলা ৰাইজক টেটু চেপা দি ধন সংগ্ৰহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।ইফালে কোনো জাননী অবিহনেই প্ৰশাসনে উচ্ছেদ চলোৱা বুলি অভিযোগ ভুক্তভোগীৰ।