আজি পোন্ধৰ টা দিন উকলি গল কিন্তু আজি পৰ্যন্ত চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম নহল তিতাবৰ আৰক্ষী।
আজি পোন্ধৰ টা দিন উকলি গল কিন্তু আজি পৰ্যন্ত চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম নহল তিতাবৰ আৰক্ষী। অসম আৰক্ষীয়ে আশ্বাসতে অতিবাহিত কৰিলে সময়। তিতাবৰ জালুকণিবাৰী বাঢ়ৈবাৰী গাঁওত চুৰি কাণ্ড ঘটনা সংঘটিত হৈছিল। ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰঞ্জন মহন্ত আৰু জোনমণি মহন্ত বাসগৃহৰ পৰা গ্ৰডেজৰ লক ভাঙি চোৰে লৈ গৈছিল ৫ (পাঁচ) লাখ টকাৰ সোণৰ আ-অলংকাৰ। ঘৰৰ পাছফালৰ দৰ্জাৰ চাবোলেৰে লক ভাঙি কাপোৰ কানি লণ্ড ভণ্ড কৰি লৈ যায় আ অলংকাৰ লগতে নগদ ১২ হাজাৰ ৰো অধিক টকা। জালুকণিবাৰী আৰক্ষী চকীত সমগ্র ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৰঞ্জন মহন্ত আৰু তেওঁ পত্নী জোনমণি মহন্তই। ঘটনা সংঘটিত হোৱা দিনা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছিল যদিও আজি ১৫ টা দিন উকলি গল আজি পৰ্যন্ত চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম নহল। পৰিয়ালটোক আৰক্ষীয়ে SNIFFER DOG সহায়ত অনুসন্ধান চলোৱাৰ লগতে ফিঙ্গাৰ প্ৰিন্ট সংগ্ৰহ কৰিব বুলি আশ্বাস দিছিল যদিও তেনে ধৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। মহিলা গৰাকীয়ে জালুকণী আৰক্ষী,যোৰহাট আৰক্ষী লগতে আৰক্ষী উচ্চ পদস্ত বিষয়াক সমগ্র ঘটনা অৱগত কৰিছিল যদিও যেনে ধৰণৰ সহায় সহযোগিতা পাব লাগিছিল তেনে ধৰণৰ সহায় সহযোগিতা নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী মহিলা গৰাকীয়ে উচিত ন্যায় আশাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে।।