স্মাৰ্ট মিটাৰৰ বিৰূদ্ধে খাৰুপেটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ খাৰুপেটীয়া বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত উত্তাল প্ৰতিবাদ।
স্মাৰ্ট মিটাৰৰ বিৰূদ্ধে খাৰুপেটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ খাৰুপেটীয়া বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ত উত্তাল প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত খাৰুপেটীয়াত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । দলগাও সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ প্ৰায় সহশ্ৰাধীক কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।বিজেপি চৰকাৰ মুৰ্দাবাদ অসম চৰকাৰ হায় হায় স্মাৰ্ট মিটাৰ স্মাৰ্ট মিটাৰ বন্ধ কৰক,জনতাৰ ওপৰত অৰ্থনৈতিক শোষণ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল খাৰুপেটীয়াৰ ৰাজপথ। দৰং কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ মাধব ৰাজবংশী , প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সদস্য মোজাম্মিল হক প্ৰমুখ্যে কেইবাজনো জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ কংগ্ৰেছ নেতৃবৰ্গই এই সমদলত উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।নেতৃবৰ্গই বিজেপিক বৃটিছৰ শাসনকালত সংঘটিত বৰ্বৰ কাণ্ড , বৃটিছৰ শোষণ লুণ্ঠন কাৰ্য্যৰ সৈতে তুলনা কৰি কটাক্ষ কৰে।