সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক গায়িকা সকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক গায়িকা সকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ইংৰাজী ১ চেপ্তেম্বৰ দেওবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্য ত নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা মহাবিদ্যালয় সমূহৰ শ্ৰেষ্ঠ গায়ক গায়িকা সকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰতিযোগিতা ত ডিব্ৰুগড় জিলাৰ মুঠ ১৪ জন গায়ক গায়িকা ই অংশগ্ৰহণ কৰে ।আজি পতাকা উত্তোলন কৰে অংকুৰ ভূঞা ,শ্বহীদ তপন কৰে নিপু ভূঞা এ, বন্তি প্ৰজ্বলন আৰু মঞ্চ মুকলি কৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰেট জ্যোতি প্ৰসাদ কোঁৱৰ ৰে। আদৰণি ভাষণ জনাই নিপু ভূঞাই । আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা বিচাৰক সকল হৈছে কমল মজুমদাৰ,বাবুল শইকীয়া, দ্বিপ শিখা দিহিংগীয়া , বিচাৰক সকলক এখনি ফুলাম গামোচাৰে আদৰণি জনায় ।