দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত।
দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত।
আজি মৰিগাঁও জিলাৰ দলৈগাঁও সমবায় লিমিটেডৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।
কছাৰীগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সমিতিৰ দীৰ্ঘকালীন পৰিকল্পনা আৰু আয়-ব্যয় বাজেট গ্ৰহণ। ২০২৩-২০২৪ বৰ্ষৰ কাৰ্যকৰী সম্বন্ধে আলোচনা। বিত্তীয় বৰ্ষৰ লাভ-লোকচানৰ আলোচনা।
আভ্যন্তৰীণ হিচাপ নিকাচl সদস্য আৰু অনান্য ব্যক্তিয়ে সমবায়ৰ পৰা পোৱা সেৱাৰ পৰিমাণকে আদি কৰি অন্যান্য ২০ টা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।
আজিৰ সাধাৰণ সভাত সভাপতি হিচাপে উপস্থিত থাকে জাহান উদ্দীন। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক নৱ কুমাৰ দাস, এপেক্স বেংকৰ মেনেগাৰ মৰিগাঁও শাখা, CO OP চচাইটিৰ পৰ্যবেক্ষক আলটাফ উদ্দীন, S.O সামচুল হক’কে আদি কৰি বিভাগটোৰ অন্যান্য গণ্য মান্য বিষয়া। আজিৰ সভাত অঞ্চলটোৰ পাঁচ শতাধিক লোক উপস্থিত থাকে।