ডিগবৈত আছুৱে দাহ কৰিলে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি।

0

সমগ্ৰ ৰাজ্যত অত্যাধিক বিল, অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে স্মাৰ্ট মিটাৰে জ্বলা কলা খোৱাই অহাৰ সময়তেই আজি আছু তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত ডিগবৈ শ্বহীদ বেদীত ডিগবৈ আঞ্চলিক সমিতিয়ে শক্তি মন্ত্ৰী প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শক্তি মন্ত্ৰী মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

Leave A Reply

Your email address will not be published.