নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সমূহীয়া পদত্যাগl

0

নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সমূহীয়া পদত্যাগl নলবাৰী, ৩ ছেপ্টেম্বৰ : অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগৰ লগে লগে দলটোত আৰম্ভ হৈছে তীব্ৰ খহনীয়া। যোৱা পহিলা ছেপ্টেম্বৰত ৰিপুণ বৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী শীৰ্ষস্থানীয় বিষয়ববীয়াই পদত্যাগ কৰাৰ পাছত আজি সমূহীয়াভাৱে পদত্যাগ কৰে নলবাৰী জিলা তৃণমূল কংগ্ৰেছ আৰু নলবাৰী জিলা যুৱ তৃণমূল কংগ্ৰেছৰ সমূহ বিষয়ববীয়াই। উল্লেখ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পাছৰে পৰা ৰাজ্যজুৰি দলটোৰ কামকাজ একপ্ৰকাৰ স্থবিৰ হৈ পৰিছিল। ইয়াকে লৈ জিলা সমিতিসমূহ অনিশ্চয়তাত থকাৰ সময়তে ৰিপুণ বৰাৰ পদত্যাগে দলটোৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি কৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰিপুণ বৰাৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মাই গ্ৰহণ কৰা পদত্যাগৰ সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে। জিৎমণি শৰ্মাৰ পদত্যাগৰ লগে লগে তেওঁৰ সৈতে সমূহীয়াভাৱে পদত্যাগ কৰে জিলা সমিতি, ব্লক সমিতি, মণ্ডল সমিতি আৰু বুথ সমিতিৰ বিষয়ববীয়াসকলে। আজি ৰাজ্যিক সম্পাদক তথা জিলা উপ সভাপতি গোপী বৰুৱা, জিলা সাধাৰণ সম্পাদক মতীন আলী, নলবাৰী টাউন ব্লকৰ সভাপতি মনোজ দাস, বড়িগোগ বনভাগ ব্লকৰ সভাপতি ৰাজ্জাক আলী, জিলা যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি জ্যোতিৰ্ময় গোস্বামীৰ লগতে আন বিষয়ববীয়াসকলে পদত্যাগ কৰে। ইয়াৰ ফলত নলবাৰীত একপ্ৰকাৰ অস্তিত্বহীন হৈ পৰিল তৃণমূল কংগ্ৰেছ দল।

Leave A Reply

Your email address will not be published.