দক্ষিণ কামৰূপৰ বৰদুৱাৰ জজীত ষাঠী বছৰীয়া বৃদ্ধাৰ কামনাৰ বলী এগৰাকী নাবালিকা।
সভ্য সমাজক লজ্জিত কৰা এক জঘণ্য ধৰ্ষণ কাণ্ডই জোকাৰিলে এটা অঞ্চল।দীৰ্ঘদিন ধৰি অঞ্চলটোৰে হিৰেণ কলিতা নামৰ ৫০ বছৰৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধাই চলাই আহিছিল ১৪ বছৰীয়া এগৰাকী নাতি সম ছোৱালীক যৌন নিৰ্যাতন ।এই ঘটনা পলাশবাৰী থানাৰ অন্তৰ্গত জজিত।ভয়-ভাবুকিৰে এই কথা গোপনে ৰাখিছিল।কিন্তু বিশেষ কাৰণবসত ছোৱালীজনীয়ে সকলো কথা স্পষ্ট কৰি কোৱাত অঞ্চলজুৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।সমগ্ৰ জজি অঞ্চলতে দোষীৰ উচিত শাস্তি বিছাৰি প্ৰতিবাদমুখৰ হৈ পৰে। ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ কৰায়ত্ত কৰে দোষীক।যৌন নিৰ্যাতনকাৰী হিৰেণ কলিতা বৰ্তমান পলাশবাৰী আৰক্ষীৰ জিম্মাত।