চিৰ বিদায় সীতাৰাম য়েচুৰি জি ।
এগৰাকী জ্যেষ্ঠ তথা বলিষ্ঠ CPM নেতা সীতাৰাম য়েচুৰীৰ মৃত্যুত নীৰৱ নিস্তব্ধ ৰাজ্য বাসী।দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সীতাৰাম য়েচুৰী জি ।অৱশেষত আজিৰ দিনটোত পৰিয়াল বৰ্গক এৰি থৈ দিল্লী এইমছত শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২সীতাৰাম য়েচুৰী জীৰ বিয়োগত শোকত ভাঙি পৰিছে সমগ্ৰ ৰাজ্য বাসী। এজন পাণ্ডিত্যশীল আৰু আৰ্টিকুলেট নেতা, হিচাবে তেওঁৰ আছিল বিশাল অবদান। ৰাজনৈতিক কেৰিয়াৰত তেওঁ জনসাধাৰণ আৰু নিজৰ দলক অতি অধ্যৱসায়েৰে সেৱা আগবঢ়াই গৈছিল।২০১৭ চনলৈ পশ্চিম বংগৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য।কিন্তু ইয়াৰ পূৰ্বে তেওঁ বলিষ্ঠ নেতৃত্বৰ বাবে ১৯৮৪ চনত য়েচুৰীয়ে ভাৰতীয় ছাত্ৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হয় আৰু সেই বছৰতে প্ৰকাশ কাৰাটৰ সৈতে তেওঁ চি পি এম কেন্দ্ৰীয় সমিতিৰ স্থায়ী আমন্ত্ৰিত হয়।১৯৯৬ চনত পি চিদাম্বৰম আৰু এছ জয়পাল ৰেড্ডীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ইউনাইটেড ফ্ৰণ্ট চৰকাৰৰ সাধাৰণ নূন্যতম কাৰ্যসূচী গঢ় দিয়াত য়েচুৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।