মদৰ দোকানৰ লাইচেঞ্চৰ নামত ধন দি দুই মহিলাৰ লটি ঘটি
মদৰ দোকানৰ লাইচেঞ্চৰ নামত ধন দি দুই মহিলাৰ লটি ঘটি l6 লাখ কৈ মুঠ 12 লাখ টকা দি লাইচেঞ্চ পোৱাৰ আশাত সপোন দেখিছিল দুই মহিলাই lপৰিনতিত বজালীৰ পাঠশালাত কালি নিশা উত্তপ্ত পৰিস্থিতি ।পাঠশালাৰ মাজমজিয়াত ভূটান আন্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুই মহিলাৰ ৰুদ্ৰ মূৰ্তি lধন জমা দিয়া ব্যক্তি গৰাকীৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা দুই মহিলা lব্যক্তিগৰাকী বৰপেটাৰোডৰ মতিলাল দৈমাৰী।ব্যক্তিগৰাকীয়ে দুই মহিলাৰ পৰা ধন আত্মসাত কৰা অভিযোগ।পাঠশালাত সুৰাৰ দোকানৰ অনুমতি প্ৰদানৰ বাবদ দুই মহিলাৰ পৰা ব্যক্তিগৰাকীয়ে ছয় লাখকৈ বাৰ লাখ টকা লোৱাৰ অভিযোগ দিছে দুই মহিলা ই lবিগত প্ৰায় এক ডেৰ বছৰে মহিলা দুগৰাকীৰ পৰা ধন লৈ পলাই আছিল মতিলালেমন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ বুলি নিজকে চিনাকী দিছিল মতিলাল দৈমাৰীয়ে lকালি নিশা এগৰাকী বন্ধুৰ সহযোগত পুনৰ অন্য লোকৰ পৰা সুৰাৰ দোকানৰ নামত ধন প্ৰদান কৰিবলৈ কৌশলেৰে মতিলালক পাঠশালা লৈ মাতি নিছিল দুই মহিলাই lধন নিবলৈ আহোতেই মতিলাল পৰিল জালত আৰু তাৰ পিছতেই এই ৰুদ্ৰ মূৰ্তি দুই মহিলাৰ lলগে লগে ঘটনাথলিত বহু লোকৰ জমা হয় আৰু কিছু সময় পিছতে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ আটক কৰে মতিলালক।