২০১৬ চনৰ পৰা ভূটানৰ গেলেফু কাৰাগাৰত বন্দী হৈ থকা এন ডি এফ বি

0

২০১৬ চনৰ পৰা ভূটানৰ গেলেফু কাৰাগাৰত বন্দী হৈ থকা এন ডি এফ বি (নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড)ৰ ৬ গৰাকী প্ৰাক্তন কেডাৰক মুকলি কৰি দিছে ভূটান কৰ্তৃপক্ষই।শুকুৰবাৰে সন্ধিয়া ভাৰত-ভূটান সীমান্তৰ গেলেফু প্ৰৱেশদ্বাৰত ছয়জন কেডাৰক গতাই দিয়া হয়।কেডাৰ কেইজন হ’ল- ১) জীৱন বসুমতাৰী, ২) সোনাৰাম মচাহাৰী, ৩) সোণম মগৰ, ৪) বিমল বসুমতাৰী, ৫) দিলীপ বসুমতাৰী, আৰু ৬) ফাখোন নাৰ্জাৰী। ২০১৬ চনত ৰয়েল ভূটান আৰ্মীয়ে গ্ৰেপ্তাৰ কৰি ভূটানত বন্দী কৰি ৰাখিছিল।ভাৰত-ভূটান সীমান্তৰ গেলেফু প্ৰৱেশদ্বাৰত বিটিআৰ (বোডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন)ৰ চিইএম প্ৰমোদ বড়ো আৰু সাংসদ জয়ন্ত বসুমতাৰীৰ নেতৃত্বত এটা দলে এনডিএফবিৰ প্ৰাক্তন কেডাৰসকলক আদৰণি জনায়।

Leave A Reply

Your email address will not be published.