বিহালীত আজি উপস্থিত হয় লোকসভাৰ বিৰোধী দলৰ উপ দলপতি তথা সাংসদ গৌৰৱ গগৈ

0

বিহালীত আজি উপস্থিত হয় লোকসভাৰ বিৰোধী দলৰ উপ দলপতি তথা সাংসদ গৌৰৱ গগৈ । গৌৰৱ গগৈয়ে বিহালীৰ বৰগাংস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৷ বিহালী উপ নিৰ্বাচনৰ কাৰ্যসূচী হাতত লৈ বিহালীত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈয়ে সংবাদ মেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসন নীতিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে৷ সদ্য অনুষ্ঠিতৱ্য পাঁচ সমষ্টিৰ উপনিৰ্বাচনত শাসনাধিষ্ট বিজেপি চৰকাৰ পৰাভূত হ’ব বুলি দাবী কৰে৷ সমান্তৰালভাৱে বিহালী উপ নিৰ্বাচনতো বিজেপি দল পৰাভূত হ’ব বুলি দাবী কৰে৷ সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে কয় যে, ৰাজ্যত সংঘটিত ট্ৰেডিং কেলেংকাৰীত জড়িত সকলো অপৰাধীক এক এদিনৰ ভিতৰত ধৰিব পাৰে৷ অসম আৰক্ষীয়ে জানে দীপাংকৰ বৰ্মন ক’ত আছে৷ বিজেপিৰ ওপৰৰ পৰা শক্তিশালী মানুহে অসম আৰক্ষীক বাধা দি আছে৷ সেই কাৰণে অসম আৰক্ষীয়ে নিজে কাম কৰিব পৰা নাই৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই অৰুণোদয় আচনি লাভ কৰিবলৈ হ’লে বিজেপিৰ সদস্য হব লাগিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে বিজেপি দলৰ সদস্যা ভৰ্তি কাৰ্যসূচী বিফল হৈছে। সেইকাৰণে বিজেপি দলে ভাবুকি দিবলৈ আৰম্ভ কৰিছে৷ মাত্ৰ অসমত নহয়, আনকি গুজৰাটৰ হস্পিতালৰ ভিতৰতো কিবা এটা সুবিধা বিচাৰিলেও বিজেপি সদস্য হ’ব লাগে বুলি ভাবুকি দিবলৈ আৰম্ভ কৰিছে৷ এই আঁচনি বোৰ বিজেপি দলৰ নিজৰ ব্যক্তি আঁচনি নহয়৷ বিজেপি সভাপতি ভৱেশ কলিতাৰ নিজৰ ঘৰ পইচা দিয়া আঁচনি নহয় অৰুণোদয় ৷ ৰাইজৰ পইচাৰে ৰাইজক আঁচনি দিছে বিজেপিয়ে৷ বিজেপি দল শংকিত হৈ মানুহৰ ওপৰত দমন ভাবুকি দিয়া আৰম্ভ কৰিছে৷ বিজেপিৰ আগৰ দৰে সদস্য ভৰ্তি হোৱা নাই ৷ এতিয়া অসমৰ মানুহে দম-ভাবুকিত ভয় নাখায় ৷ তদুপৰি সংবাদ মেলত সাংসদ গৌৰৱে কয় যে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অহংকাৰ সন্দৰ্ভত দুবাৰ কৈ সমালোচনা কৰিবলৈ বাধ্য হৈছে৷ অহংকাৰ হ’ল বিজেপি দলৰ পতনৰ মুল কাৰণ ৷ নতুন বিজেপিৰ কাম কাজত বৰ্তমান পুৰণি বিজেপি নেতা তথা পৰম্পৰাগতভাৱে বিজেপি দল কৰা নেতা সকল আঁতৰি গৈ আছে৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ প্ৰতি জিলা প্ৰতি ব্লক মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ ঘনিষ্টৰ মাটি বাগান নিজৰ হ’ব লাগে৷ এইটো এটা ডাঙৰ কেলেংকাৰী সাংসদ গৌৰৱ গগৈয়ে দাবী কৰে৷ সিফালে, সংবাদ মেলত সাংবাদিকৰ প্ৰশ্ন উত্তৰ কয় যে বিহালী সমষ্টি বিহালী সমষ্টি বিজেপি নেতা ৰঞ্জিত দত্তৰ বিজেপি দূৰ্গ নহয় বুলি দাবী কৰে৷ বৰ্তমানলৈকে বিহালী উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’ব কোন নিশ্চিত হোৱা নাই ৷ বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত দলে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইঙ্গিত দিয়ে

Leave A Reply

Your email address will not be published.