প্ৰচন্ড গৰমৰ মাজতে ,লামডিং বাণী বিদ্যামন্দিৰ মধ্য ইংৰাজী বিদ্যালয় আৰু নবাৰুণ বিদ্যালয়ৰকণ কণ সকলো ছাত্ৰ ছাত্ৰী স্কুললৈ অহা দেখা গৈছে
প্ৰচন্ড গৰমৰ মাজতে ,লামডিং বাণী বিদ্যামন্দিৰ মধ্য ইংৰাজী বিদ্যালয় আৰু নবাৰুণ বিদ্যালয়ৰ
কণ কণ সকলো ছাত্ৰ ছাত্ৰী স্কুললৈ অহা দেখা গৈছে৷ জানিব পৰা মতে স্কুলত এতিয়া পৰীক্ষা চলি আছে ৷ সকলো ছাত্ৰ ছাত্ৰীয়ে সময়মতে স্কুলত আহি উপস্থিত হয়৷উৎকট গৰমৰ বাবে লামডিং বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সাল-সলনি কৰা হৈছে হোজাই জিলা উপযুক্তৰ নিৰ্দেশ মতে ৷নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ পাঠদানৰ কৰা দেখা গৈছে ৷ এই নিৰ্দেশনা চৰকাৰী আৰু বেচৰকাৰী উভয় পক্ষলৈ জাৰি ।নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়ঃ পুৱা ৭.৩০ বজাৰ পৰা ১০ বজালৈ। মাধ্যমিক বিদ্যালয়ৰ সময়ঃ পুৱা ৭,৩০ বজাৰ পৰা ১১ বজালৈ আৰু উচ্চ বিদ্যালয়ৰ সময়ঃ পুৱা ৭,৩০ বজাৰ পৰা ১২ বজালৈ কৰিব লাগিব।শিক্ষক জনে কোৱা মতে দিনে দিনে গছ গছনিবোৰ কমি যোৱা আৰু প্ৰদূষণ হোৱাৰ ফলতে প্ৰচন্ড গৰমৰ হৈছে ৷ এতিয়া আমাক গছ গছনি বেছিকৈ ৰোপন কৰিব লাগিব৷প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে হোজাই জিলাটো সলনি হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। বিদ্যালয়সমূহ পুৱা ৭.৩০ বজাৰ আৰম্ভ হৈছে। লামডিং বাণী বিদ্যামন্দিৰ মধ্য ইংৰাজী বিদ্যালয় আৰু নবাৰুণ বিদ্যালয় চৰকাৰী নিৰ্দেশনা পালন কৰি পুৱা ৭-৩০ বজাৰ পৰা পাঠদান আৰম্ভ কৰা বিদ্যালয় খনলৈ নিজৰ সন্তান সকলক লৈ আহিল অভিভাৱক সকলে। প্ৰচন্ড গৰমৰ মাজতে ছাত্ৰ ছাত্ৰী স্কুল লৈ অহা দেখা গৈছে ৷