কাছাৰৰ গুমৰাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটন
কাছাৰৰ গুমৰাৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী স্কুলীয়া ছাত্ৰী।
প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি শিলচৰ দিশত অহা এখন ল’ৰীয়ে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাইছে এজন স্কুলীয়া ছাত্ৰই। তাক লৈ গুমৰা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । উত্তেজিত ৰাইজৰ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় প্ৰশাসনৰ বিষয়াকে ধৰি স্থানীয় প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ খুলিবলৈ বহু চেষ্টা কৰিছে যদিও সক্ষম হোৱা নাই এতিয়াও । ৰাষ্ট্ৰীয় ঘাইপথৰ ব্লক মুকলি হোৱাৰ কোনো নিশ্চয়তা নাই এতিয়াও । অৱৰোধকাৰীসকলে স্পষ্ট কৰি দিয়ে যে মৃত ছাত্ৰীগৰাকী জেতিয়ালকে ন্যায় না পাবো তেতিয়ালকে অৱৰোধ প্ৰত্যাহাৰ কৰা নহ’ব।