আজিৰ ৰাশি ফল …..
মেষ ৰাশি – আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত ইমান সুখী নহ’ব ,তাৰ কৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় !! আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব আপুনি আজি বহুত সুযোগো লাভ কৰিব। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মী ৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয় l
শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- মঙ্গল গ্ৰহক ভূমি পুত্ৰ বুলি কোৱা হয় ,সেইবাবে প্ৰত্যেক পুৱা মাটি ভৰিদি চুৱা ৰ আগতে ভূমি মাতাক সেৱা কৰি ললে ইয়াৰ ভাল প্ৰভাৱ আপোনাৰ কৰ্ম জীৱনত পৰিব।
বৃষ ৰাশি – আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ’ব কাৰণ আপুনি জীৱন টোক সম্পুৰ্ণ ৰূপে জীয়াব । যিবোৰ লোকে টেক্স ৰ আদায় সময়মতে নকৰে সিহতঁ আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্স ৰ আদায় সময়মতে কৰিব লাগে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হব নিদিব। আজি আপোনাাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰৰ আশা কৰিব পাৰে। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল ,আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হব। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হব।
শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- পাৰিবাৰিক জীৱনত সুখ সম্বৃদ্ধি বৃদ্ধি কৰিব হলে হনুমান মন্দিৰত বুন্দিয়া আৰু লাৰু ভোগ হিচাপে নিবেদন কৰক।
মিথুন ৰাশি – সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই , ইয়াক অনুভৱ কৰক। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব সেয়ে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিব যত্ন কৰক। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- বুধক প্ৰভাৱিত কৰিবলৈ সদায় পৰিপাটী আৰু চাফা কাপোৰ পিন্ধক , এনেকৈ চলিলে আপোনাৰ কৰ্ম জীৱনত ভাল প্ৰভাৱ পৰিব।
কৰ্কট ৰাশি – ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। আপোনাৰ জীৱন সংগী ৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম-কাজত তেখেতক সহায় কৰিব ,ইয়াৰ ফলত আপোনাৰ লগত কাম কৰাৰ আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্ক অনুভৱ কৰিব। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। অন্য ই আপোনাৰ পৰা বহুত সময় দাবী কৰিব পাৰে , সিহঁতক যিকোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে এইটো চাই লওক যে আপোনাৰ কাম যাতে তাৰ ফলত প্ৰভাৱিত নহয় আৰু লগতে আপোনাৰ উদাৰ স্বভাৱ আৰু সুহৃদয়তাৰ যাতে তেখেতে বেয়া লাভ নুঠায়। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব।
শুভ নম্বৰ :- 5
শুভ ৰং :- সেউজীয়া আৰু ৰত্ন
চিকিৎসা :- প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় কৰিলে স্বাস্থ্য ভাল হ’ব।
সিংহ ৰাশি – ভয় আপোনাৰ আনন্দ শেষ কৰি দিব পাৰে।। আপুনি বুজিব লাগে যে এই ভয় আপোনাৰ কল্পনা আৰু চিন্তাৰ পৰা উদ্ভৱ হোৱা । ভয় আপোনাৰ সহজতা সমাপ্ত কৰি দিয়ে ।এইবাবে ভয় আৰম্ভ হোৱা সময়তে শেষ কৰি দিয়ক যাতে ই আপোনাক ভয়াতুৰ বনাব নোৱাৰে। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। দিন ৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। সহকৰ্মীৰ সহযোগ অনুযায়ী আপুনি নিজৰ সমস্যাৰ পৰা অতি সোনকালে ওলাবলৈ সক্ষম হব আৰু আপোনাৰ উন্নতিত এয়া সহায় কাৰী ৰূপে পৰিগণিত হব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আজি আপোনাৰ জীৱন সংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হব।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- সূৰুযৰ কিৰণ ঘৰত অহাৰ বন্দবস্ত কৰক। স্বাস্থ্য লাভৰ বাবে উত্তম।
কন্যা ৰাশি – নিজৰ ব্যক্তিত্ব ক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনা সমূহক গোপনীয় ৰাখক। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে-কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খঙ কৰিব পাৰে। আপুনি নিজৰ শক্তি সম্পূৰ্ণ ৰূপে অনুভৱ কৰিব পাৰে ,এই শক্তিৰ প্ৰয়োগ কামত কৰক। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিব তেন্তে সেই ভয় আপোনাৰ পিছত নিকৃষ্ট ভাৱে পৰি থাকিব। জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে ,যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে।
শুভ নম্বৰ :- 2
শুভ ৰং :- ৰূপালী আৰু বগা
চিকিৎসা :- ঘৰত গংগাজল কিবা নহয় কিবা প্ৰকাৰে প্ৰয়োগ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভাল হ’ব।
তুলা ৰাশি – আপুনি আজি মানসিক আৰু শাৰীৰিক ভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে , অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘুৰাই অনাত আপোনাক সহায় কৰিব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। যাক আপুনি বহুত বিশ্বাস কৰে ,তেখেত আপোনাক পূৰ্ণ সত্যৰ ঊমান নিদিয়াৰ সম্ভাৱনা আছে। আপোনাৰ অন্যক পতিয়ন নিয়াব পৰা ক্ষমতা আহিব লগা বহুত সমস্যাৰ সমাধান উলিওয়াত সক্ষম হব। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক অলপ মানসিক অশান্তি প্ৰদান কৰিব পাৰে। এই ৰাশিৰ জাতক সকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালি সময় ঘৰ চাফা কৰি ব্যতিত কৰিব পাৰে। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।
শুভ নম্বৰ :- 4
শুভ ৰং :- মটীয়া আৰু ছাই ৰং
চিকিৎসা :- ভাল স্বাস্থ্যৰ বাবে মা , আইতা আৰু অন্য বয়স্ক মহিলাৰ পৰা আশীৰ্বাদ লওক।
বৃশ্চিক ৰাশি – আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধুলা কৰি কটাই দিব পাৰে। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। যদি কথা-বতৰা আপোনাৰ মতে নহয়, তেনেতে খঙতে আপুনি কঠোৰ কথা এটা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হব পাৰে,এইবাবে ভাৱি-চিন্তি কথা কোৱা শিকক। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। ডাঙৰ ব্যৱসায়িক লেন-দেন কৰি থকা সময়ত নিজৰ অনুভূতি সমূহ নিয়ন্ত্ৰণত ৰাখক। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপোনাৰ জীৱন সংগীক চাৰ প্ৰাইজ দি থাকক,নহ’লে তেখেতে নিজকে আপোনাৰ জীৱনত নিজক মহত্বহীন বুলি ভাৱিব ধৰিব।
শুভ নম্বৰ :- 6
শুভ ৰং :- স্বচ্ছ আৰু গুলপীয়া
চিকিৎসা :- পৰিয়াল ত শান্তি প্ৰাপ্তি ৰ বাবে ঘিউ আৰু কৰ্পূৰ কোনোবা পৱিত্ৰ স্থানত দান কৰক।
ধনু ৰাশি – প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্ম বিশ্বাস দিছে, ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে এই বিশয়ত গুৰুত্ব দিব। বিবাদ,মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাস টোক গুৰুত্ব নিদিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। আপোনাৰ বিশেষজ্ঞতাৰ ব্যৱহাৰ প্ৰফেশ্বনাল বিষয় সমূহ সহজ কৰি সমাধান কৰাত কৰক। সময়ৰ মূল্য বুজক , সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপায় ভুল । এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতলৈ ব্বিপদ মাতি আনিব পাৰে। আজি আপুনি অনুুভৱ কৰিব যে আপোনাৰ জীৱন সংগীয়ে আপোনাৰ চিৰন্তনৰ লগৰী আৰু তেখেতেই আপোনাৰ একমাত্ৰ লগৰী।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- নাবালিক ছোৱালীৰ মাজত চকলেট , টোফি, আৰু বিভিন্ন প্ৰকাৰৰ মিঠাই বিতৰণ কৰিলে আৰ্থিক উন্নতি হ’ব।
মকৰ ৰাশি – আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে কিন্তু ! কোনো এটা বস্তু হোৱাৰ বাবে ৰখি নাথাকিব ,নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে ,লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব।
শুভ নম্বৰ :- 3
শুভ ৰং :- কেশৰী আৰু হালধীয়া
চিকিৎসা :- প্ৰেমিক অথবা প্ৰেমিকাক লগ কৰাৰ আগত মিচৰি পানীৰ লগত মিহলি কৰি খাই যাওক , এনে কৰিলে আপোনাৰ প্ৰেমত মধুৰতা আহিব।
কুম্ভ ৰাশি – নিজৰ ব্যক্তিত্ব ক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। কোনোবা পূৰণি বন্ধুয়ে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে যদি আপুনি তেখেতক আৰ্থিক ভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক অবস্থাও অলপ দূৰ্বল হব পাৰে। নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা শূভ দিন ,ইয়াক সফল কৰিবৰ বাবে বেল্লেগ সদস্যৰ সহায় লওক। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কাৰি আছিল ,সেই সময় শেষ হৈ গৈছে -কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱন-সংগী লাভ কৰিব। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব ,বিশেষ্কৈ যদি আপুনি কুটনীতি ব্যৱহাৰ কৰি বস্তু সমূহ সমাধান নকৰে। যাত্ৰাৰ ফলত সোনকালে লাভ নহ’ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হব।
শুভ নম্বৰ :- 1
শুভ ৰং :- সুমথিৰা আৰু সোণালী
চিকিৎসা :- ক’লা-বগা গাই গৰুক দানা খুৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব।
মীন ৰাশি – আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে তেন্তে ভাল আৰ্থিক লাভ হব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ অসফলতাৰ পৰা আপুনি শিক্ষা লোৱা উচিত,কাৰণ আজি আপোনাৰ মনৰ কথা প্ৰকাক্ষ কৰিলে আপোনাৰ লোকচান হব পাৰে। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হব, মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি লব। হিতকাৰী গ্ৰহ আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভতি লাভ কৰিব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হব পাৰে।
শুভ নম্বৰ :- 7
শুভ ৰং :- মাখন আৰু বগা
চিকিৎসা :- প্ৰেম জীৱনক স্মৰণীয় কৰি ৰাখিবৰ বাবে প্ৰেমিকাক অথবা প্ৰেমিকক ৰঙা আৰু সুমথিৰা ৰংৰ কাপোৰ উপহাৰ দিয়ক।