চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ তীব্ৰ অভিযানঃ
চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ তীব্ৰ অভিযানঃ গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ চকুত ধুলিদি কোনো এজন চোৰাং গৰুৰ বেপাৰী সাৰী যাৱ নোৱাৰিৱঃ বিলাসী বাহন সহ জব্দ কৰিলে ৫ টাকৈ চোৰাং গৰু ৷
প্ৰাপ্ত তথ্য মতে যোৱা নিশা ১১ মান বজাত এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত এটা আৰক্ষীৰ সঁজাতী দলে গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱাৰ পৰা AS—01 E 3247 নম্বৰৰ ছেন্ট্ৰ বাহন এখন খেদি যায় পিছত পশ্চিম কানুৰীত স্থানীয় ৰাইজৰ সহযোগত গাড়ী খন আটক কৰিবলৈ সক্ষম হয় ৷
চোৰাং গৰু আৰু বাহনখন এৰি চালকজন পলায়ন কৰে ৷
পিছত বাহনখনৰ পৰা আৰক্ষীয়ে ৫ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষী কটকটীয়া নিৰাপত্তা দিয়াৰ মাজতো চোৰাং বাবে ৰমৰমীয়া বেহা চলাবলৈ চেষ্টা অৱ্যাহত ৰাখিছে ৷
চলাই আছে চোৰাং গৰুৰ অবৈধ বেহা।
আৰক্ষীয়ে কটকটিয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুনলিছে যদিও সিমানে ন —ন কৌশল অৱলম্বন কৰিছে গো —সৰবৰাহ কাৰীয়ে ৷
হিটলাৰী শাসনেৰে চলাই গৈছে কেতিয়াবা আলুৰ বস্তাৰ তলত , কেতিয়াবা কাৰ্টুনৰ তলত, কেতিয়াবা বিলাসী বাহনত, কেতিয়াবা নাঁওত আৰু কেতিয়াবা কল গছৰ ভুৰত বান্ধি নৈৰ সোঁতত উটুৱাই দি যিকোনো প্ৰকাৰে অব্যাহত ৰাখিছে চোৰাং গৰুৰ অবৈধ সৰবৰাহ।
এতিয়া প্ৰশ্ন হল এই ন—ন কৌশল কেতিয়া বন্ধ হৱ চোৰাং গৰুৰ বেপাৰীৰ ৷
চোৰাং গৰুৰ বেপাৰী সকলে এনেধৰণৰ অবৈধ বেহা চলাই যোৱাৰ ক্ষেত্ৰত কৃষক সকলৰ নাইকিয়া হৱ ধৰিছে গৰু ৷
কৃষি কামৰ ক্ষেত্ৰত গৰুৰ কৃষকৰ অতি প্ৰয়োজন ৷