মৈৰাবাৰী অপহৰণ কাণ্ডৰ ঘটনাৰ লগত জড়িত অন্যতম অভিযুক্ত মুস্তাক ফাইজুৰ ৰহমানক গ্ৰেপ্তাৰ।
মৈৰাবাৰী অপহৰণ কাণ্ডৰ ঘটনাৰ লগত জড়িত অন্যতম অভিযুক্ত মুস্তাক ফাইজুৰ ৰহমানক গ্ৰেপ্তাৰ।
ধৃত মুস্তাক ফাইজুৰ ৰহমানে তিনি যুৱকক অপহৰণ কৰি মুক্তিপণ হিচাপে সংগ্ৰহ কৰিছিল ২০ হাজাৰ টকা ।
মুস্তাক ফাইজুৰ ৰহমানৰ নিজৰ একাউন্টত লৈছিল দাবী কৰা ধন । পলাতক অৱস্থাত থকা মুস্তাক ফাইজুৰ ৰহমানক মৈৰাবাৰী বজাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত মুস্তাক ফাইজুৰ ৰহমানক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইফালে ঘটনাৰ লগত জড়িত অন্যতম অভিযুক্ত ৰপচন খান এতিয়াও পলাতক অৱস্থাত আছে । ৰপচন খানক বিচাৰি মৈৰাবাৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য যে বিভিন্ন অসামাজিক কাম কাজৰ লগত জড়িত মুস্তাক ফাইজুৰ ৰহমান।