শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অনত্যম প্ৰতিষ্ঠাতা হলধৰ ভূঞাৰ সোঁৱৰণীত বক্তৃতা অনুষ্ঠান

0

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অনত্যম প্ৰতিষ্ঠাতা হলধৰ ভূঞাৰ সোঁৱৰণীত বক্তৃতা অনুষ্ঠান

শনিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূণ অনুষ্ঠানটো

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰ্দশ তথা সমাজ জীৱনৰ প্ৰতি থকা তেওঁৰ অৱদান বৰলুইতৰ সোতঁৰ দৰে বই ৰʼব প্ৰতিজন অসমীয়া বুকুত। মহাপুৰুষ জনাৰ তিৰোভাৱৰ পিছতেই তেঁওৰ আৰ্দশক বিভিন্ন কাৰন বৰ্ষত পাহৰনিৰ গৰ্ভত বিলীন কৰিব বিচাৰিছিল একাংশয়ে। কিন্তু ১৯৩০ চনত গঠন হোৱা শ্ৰী মন্ত শংকৰদেৱ সংঘ‌য়ে প্ৰতিষ্ঠা কালৰে পৰা গুৰুজনাৰ প্ৰকৃত আৰ্দশক অসমৰ প্ৰতিজন ব্যক্তিৰ কাষলৈ লৈ যোৱাৰ আহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে।এই উক্তিকে আগত ৰাখি শনিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বক্তৃতা অনুষ্ঠানৰ। য’ত মুল বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ ডঃ অজ্ঞন কুমাৰ ওজায়ে প্ৰদান কৰে বক্তৃতা।মুল অনুষ্ঠানটো উপস্থিত থাকে সংঘৰ পদাধিকাৰ, সাধাৰন সম্পাদকে প্ৰমূখ্য কৰি বহ কেইজন গুনি মানি ব্যক্তি।

Leave A Reply

Your email address will not be published.