তিনি দিনীয়া কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱসটি পালন কৰে কাৰ্বি আংলং পৰ্যটন বিভাগে।

0

তিনি দিনীয়া কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱসটি পালন কৰে কাৰ্বি আংলং পৰ্যটন বিভাগে।

অন্তিম দিনৰ কাৰ্যসূচী হিচাপে ডিফুত থকা বিভাগীয় Tourist Lodge টো অত্যাধুনিক ৰূপত সংবৰ্ধন কৰি মুকলি কৰা হয়। Tourist Lodge টোত আছে ১৬টা কোঠালী, ভোজন গৃহ আৰু এটা সভাকক্ষ। এতিয়াৰ পৰা ইয়াত উপলব্ধ হ’ব থলুৱা খাদ্য সম্ভাৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ লগতে পৰ্যটন বিভাগৰ EM ৰীতেশ ইংহিৰ ৰ লগতে মুকলি অনুষ্ঠানত উপস্থিত আছিল পৰিষদৰ কেইবাগৰাকী সদস্য। আগন্তুক দিনত কাৰ্বি আংলঙৰ পৰ্যটন ক্ষেত্ৰখনক আৰু আগুৱাই নিব বুলিও মন্তব্য কৰে তুলিৰাম ৰংহাঙে।

Leave A Reply

Your email address will not be published.