বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী বস্তিত উলহমালহেৰে কৰম উৎসৱ উদযাপন

0

বিহালী সমষ্টিৰ অন্তৰ্গত মোনাবাৰী বস্তিত উলহমালহেৰে কৰম উৎসৱ উদযাপন কৰা হয়।মোনাবাৰী বস্তিৰ কৰম উদযাপন সমিতি আৰু সমুহ ৰাইজৰ সহযোগত আদিবাসী সকলৰ হিয়াৰ আমঠু কৰম উৎসৱটি উদযাপন কৰা পৰিলক্ষিত হয় । মোনাবাৰী বস্তিৰ এই কৰম উৎসৱটি এইবেলি সম্পূৰ্ণ চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ ৷চতুৰ্থ বাৰ্ষিক কৰম উৎসৱৰ সৈতে সংগতি ৰাখি নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে আয়োজক সমিতিয়ে। মুকলি সভাৰ আজিৰ দিনটোত উপস্থিত থাকে ড° কল্পকিশোৰ হাজৰিকা ,জ’ন তিৰ্কি , শিক্ষক আনন্দ মিশ্ৰ ,সমাজ সেৱক চন্দন কল কমাৰ ,শিক্ষক ভীমলাল শৰ্মা ,সাংবাদিক অমিত তাচা আদি ৷
সৰ্বমুঠ ১৫ টা ঝুমইৰ দলে অংশগ্ৰহণ কৰা কৰম উৎসৱটিত আখড়া মুকলি কৰে ড° কল্পকিশোৰ হাজৰিকাই।
আৰু সহযোগ কৰে জ’ন তিৰ্কিয়ে।

Leave A Reply

Your email address will not be published.