মৈৰাবাৰত চাঞ্চল্যকৰ ঘটনা।

0

মৈৰাবাৰত চাঞ্চল্যকৰ ঘটনা।পত্নীৰ সলনি বেলেগ মহিলাই দিলে তালাক।

মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশজুৰি গাঁৱত সংগঠিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা।

স্বামীক পত্নীৰ সলনি বেলেগ মহিলাই দিলে তালাক।

অভিযোগ অনুসৰি পলাশজুৰি গাঁৱত তিনিমাহ পূৰ্বে মুকিত আলি নামৰ লোক জনৰ লগত সামাজিক নিয়ম অনুসৰি বিয়া সম্পন্ন হৈছিল একেখন গাঁৱৰে এগৰাকী যুৱতীৰ। কিন্তু স্বামী কৰ্মসূত্ৰে বহিৰাজ্যত যোৱাৰ সুযোগ লৈ কেইজনমান দুস্কৃতিকাৰীয়ে ভুৱাভাবে তালাক দিয়ে মহিলা পত্নীক আৰু স্বামীৰ পৰিয়ালক মোবাইল যুগে জানিবলৈ দিয়ে। ঘটনাটো পত্নীৰ পৰিয়ালে অৱগত হোৱাৰ লগে লগে মৰিগাঁও নটাৰী পাব্লিক কাৰ্যালয়ত খবৰ কৰাত সমগ্র ঘটনাটোৰ লগত কেইজনমান লোক জড়িত থকাৰ প্ৰমাণ লাভ কৰে।

ঘটনা সন্ধৰ্ভত ইতিমধ্যে ভুক্তভোগী পত্নীয়ে ন্যায় বিচাৰি মৰিগাঁও জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছে।

Leave A Reply

Your email address will not be published.