তেজপুৰৰ অস্থায়ী চ’ক বজাৰ খনৰ ব্যৱসায়িক সকলৰ এটিয়া পানীত হাহ নচৰা অৱস্থা, ব্যৱসায়ি সকলে মোৰে কপালে হাত দি গ্ৰাহকৰ আশাত দিন পাৰ কৰিব লগা হৈছে ।

0

পূজা বা বিহু আহিলেই এটা সময়ত তেজপুৰ চ’ক বজাৰত বিৰলি বাত নোপোৱা এই চ’ক বজাৰ খন কাহ পৰি জিন যোৱা যেন পৰিৱেশ বিৰাজ কৰিছে ৷
পূৰ্বৰ চ’ক বজাৰ খন নতুনকৈ নিৰ্মানৰ কাম আৰম্ভ কৰাৰ পিচত বজাৰ খনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বাবে অস্থায়ী ভাবে ব্যৱসায় চলাই যাবৰ বাবে ধোবি পুখুৰীতে অস্থায়ী দোকান নিৰ্মান কৰি দিয়ে ৷
পিচে কথা হ’ল চহৰ খনৰ দৈনিক গঢ় লৈ উঠা ডাঙৰ ডাঙৰ স্পপিং মল বোৰৰ লগতে অস্থায়ি চ’ক বজাৰ খনৰ দুয়োটা পাৰে আৰক্ষী প্ৰশাসনে নৌ এণ্ট্ৰী লগাই দিয়াৰ ফলত অস্থায়ী ভাবে নিৰ্মান কৰি দিয়া চ’ক বজাৰ খনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ ব্যৱসায়ি সকলে মোৰে কপালে হাত দি গ্ৰাহকৰ আশাত দিন পাৰ কৰিব লগা হৈছে ৷
এই বজাৰ খনতে ব্যৱসায় কৰি পৰিয়াল পোহ পাল দি অহাৰ পিচত এইবেলি পূজাৰ বতৰতো এনেদৰে গ্ৰাহকৰ আশাত হামিয়াই হিকতিয়াই বহি থাকিব লগা হোৱাত এই পূজাৰ বতৰত পানীত হাহ নচৰা অৱস্থা হোৱা বুলি ব্যৱসায়ী সকলে মত প্ৰকাশ কৰে ৷
কথা হ’ল শোনিতপুৰ জিলা প্ৰশাসনে পুৰনা চ’ক বজাৰ খন এবছৰৰ ভিতৰতে নতুনকৈ নিৰ্মান সম্পূন কৰাৰ আশ্বাস প্ৰদান কৰাৰ পিচত বৰ্তমানে বহু দিন অতিক্ৰম কৰিবৰ হ’ল বৰ্তমানেও নিৰ্মান কাৰ্যৰ লেহেমীয়া অগ্ৰগতিত ক্ষুব্ধ হৈ পৰিছে ব্যৱসায়ি সকল ।

Leave A Reply

Your email address will not be published.