মৈৰাবাৰীত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত বিধায়ক আছিফ নাজাৰ। ৰাইজৰ বিপুল সঁহাৰি।
লাহৰিঘাট সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আছিফ নাজাৰ যোৱাকালি মৈৰাবাৰীত উপস্থিত হয় দিনজোৰা কাৰ্যসূচীৰে।
মৈৰাবাৰীৰ উদীয়মান যুৱক যাঁচিম হুছেইন ওৰফে ‘মুন্না’ৰ সুলভ মূল্যৰ দোকানৰ শুভ উদ্বোধনীত উপস্থিত থাকি যুৱ চামক উৎসাহিত কৰে। মুন্না এণ্টাৰপ্ৰাইজ নামৰ দোকান খনৰ শুভ উদ্বোধনীৰ সময়ত বিধায়ক গৰাকীৰ লগত সংগ দিয়ে যুৱ নেতা জহিৰুল ইছলাম মুক্তাৰ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হিফজুৰ ৰহমান খানে।
পৰৱৰ্তী সময়ত বিধায়ক গৰাকী উপস্থিত হয় গৰীয়াবৰীত।
গৰীয়াবৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ বাসগৃহত অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে কংগ্ৰেছৰ যুৱ বিধায়ক গৰাকীয়ে। গৰীয়াবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ লগত মত বিনিময় কৰা সময়ত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে নগাঁও জিলা যুৱ কংগ্ৰেছ কমিটিৰ উপ সভাপতি আশ্বিক মীৰ, আৰু মণ্ডল কংগ্ৰেছৰ সভাপতি মুজিবুৰ ৰহমান।
শেষলৈ মৈৰাবাৰীৰ পাতেকীবৰীত অৱস্থিত শ্ৰী শ্ৰী অলিপুখুৰী পাতেকীবৰী সত্ৰত পৰিদৰ্শন কৰে বিধায়ক জনে। সত্ৰখনত ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা পুথিভঁৰাল,সত্ৰৰ চাৰিওকাষৰ অৱস্থাৰ বুজ লয় বিধায়ক জনে।
পূৰ্বে ধিঙত থকা মৈৰাবাৰী অঞ্চলটো ইতিমধ্যে লাহৰিঘাট সমষ্টিত অন্তৰ্ভুক্ত হোৱাত বিধায়ক আছিফ নাজাৰে অঞ্চলটোৰ প্ৰতি দায়বদ্ধ হোৱাত আগন্তক দিনত অঞ্চলটোক অধিক গুৰুত্ব প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে সচেতন মহলে।