শাৰদীয় দুৰ্গোৎসৱক সফল কৰাৰ উদ্দেশ্যে সিলচৰত “এন্টি ৰোমিঅ’ স্কোয়াড” মোতায়েন কৰা হৈছে ।
শাৰদীয়ৰ আনন্দত যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে সাজু কাছাৰ জিলা আৰক্ষী। জিলাখনত আৰক্ষী অধীক্ষক নোমল মহত্তাৰ নেতৃত্বত গঠন কৰা হৈছে “এন্টি ৰোমিঅ’ স্কোয়াড” নামৰ এটা বিশেষ বাহিনী l সোমবাৰে কাছাৰত মোতায়েন কৰা হৈছে l বিশেষ প্ৰশিক্ষণ দিয়া হৈছে আৰক্ষী আৰু সীমান্ত নিৰাপত্তা বাহিনীক । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী অধীক্ষক নোমল মহত্তাই কয় যে শিলচৰ অসমৰ অন্যতম ঐতিহাসিক স্থান। ইয়াত ভক্তসকলে প্ৰতি বছৰে অতি উৎসাহেৰে শাৰদীয় দুৰ্গোৎসৱ পালন কৰে। দুৰ্গোৎসৱৰ আশে-পাশে সমগ্ৰ চহৰখন মানুহৰ সাগৰলৈ পৰিণত হয়। ফলত শিশুসহ মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় l জনসমাগমৰ ভিৰত বিশেষকৈ চহৰৰ বিভিন্ন প্ৰান্তত বাইকেৰে ঘূৰি ফুৰা একাংশ অশালীন যুৱকে মহিলা আৰু যুৱতীসকলৰ সৈতে অশ্লীল আচৰণত লিপ্ত হয় l ফলত শাৰদিয়া আনন্দ উল্লাছক সফলতা লাভ কৰিবলৈ এণ্টি-ৰোমিঅ’ স্কোয়াড নামৰ এটা বিশেষ বাহিনী গঠন কৰে কাছাড় আৰক্ষীয়ে । পূজাৰ সময়ত জিলাখনৰ বিভিন্ন অঞ্চলত ২৪ ঘণ্টীয়া বাইক