নাহৰকটীয়া বালিমৰা চাহ বাগিচাত মাদক দ্ৰব্য,বাল্য বিবাহ,শিশু শ্ৰমিক,অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, নাহৰকটীয়া আৰক্ষী থানা আৰু অসম চাহ মজদুৰ সংঘ বালিমৰা চাহ বাগিচা প্ৰাথমিক গোটৰ যোথ উদ্যোগত ইং ০৬ অক্টোবৰ,২০২৪ তাৰিখে বালিমৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত চুুলাই-মদ,গাঞ্জা,ড্ৰাগ্ছ,বাল্য বিবাহ,শিশু শ্ৰমিক,অন্ধ বিশ্বাস,মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এখনি সজাগতা সভা আয়োজন কৰে । আছা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মিখেল পুৰ্তীয়ে কয় যে আদিবাসী জনগোষ্ঠী অন্যান্য জনগোষ্ঠীতকৈ পিছপৰা অন্যতম কাৰন হ’ল মাদক দ্ৰব্য,দিনক দিনে আদিবাসী অধ্যুষিত অঞ্চলত চুলাই মদৰ প্ৰচলন বৃদ্ধি হোৱা পৰিলক্ষিত হয়, আদিবাসী সমাজক ক্ষতি কৰা এনে মাদক দ্ৰব্যক ত্যাগ কৰিব লাগে, আদিবাসী সমাজখনক সুন্দৰ কৰিব হ’লে কু সংস্কাৰবোৰ ত্যাগ কৰিব লাগে আৰু পঢ়া শুনা ক্ষেত্ৰত আগবাঢ়িব লাগে, বাধ্যতামূলকভাৱে নিজৰ ল’ৰা ছোৱালীবোৰক পঢ়াব লাগে বুলি কয় । উঠি অহা নৱ প্ৰজন্মসকলক নিচাজাতীয় সামগ্ৰীৰপৰা আঁতৰি থাকিবলৈ ছাত্ৰনেতাজনে আহ্বান জনায় ।আছা নাহৰকটীয়া আঞ্চলিক সমিতিৰ উপ সভাপতি উদয় ধানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত আছা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মিখেল পুৰ্তী,সাংগঠনিক সম্পাদক জিতেন বাঘ, অসম চাহ মজদুৰ সংঘ নাহৰকটীয়া শাখাৰ সম্পাদক বলৰাম তাঁতী,সহঃসম্পাদক ৰাজেশ এক্কা, নহৰকটীয়া আৰক্ষী থানাৰ আৰক্ষী ৰাজু দত্ত, বালিমৰা চাহ বাগিচাৰ প্ৰধান পৰিচালক ৰাজীৱ হাজৰিকা,বৰবাম এম.ই. স্কুলৰ সহঃ শিক্ষক চন্দ্ৰজিৎ ফুকন, বালিমৰা চাহ বাগিচা অসম চাহ মজদুৰ সংঘ প্ৰাথমিক গোটৰ সভাপতি আন্দ্ৰিয়াছ তিৰ্কী, সম্পাদক শ্যাম কয়া, বালিমৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী ৰবিনা মূৰা, ফাৰ্মাচিস্ট হজৰত আলি , প্ৰাক্তন ৱাৰ্ড সদস্যা লিলিমা কুজুৰ পাটনায়ক, আছা নাহৰকটীয়া আঞ্চলিকৰ সম্পাদক পবন গড়সহ কেইবাজনো আছা,অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া উপস্থিত থাকে ।