অভ্যান্তৰিণ জলপথ পৰিবহণ বিভাগক বুঢ়া আঙুলি দেখুৱাই ব্ৰহ্মপুত্ৰ নদীত যন্ত্ৰ চালিত নাওঁৰ চলাচল

0

অভ্যান্তৰিণ জল-পৰিবহণ বিভাগক বুঢ়া আঙুলি দেখুৱাই ব্ৰহ্মপুত্ৰ নদীত চলাচল কৰি আছে যন্ত্ৰ চালিত নাওঁ। মৰণক শৰণ দি যাতায়ত কৰি আছে শশ পুৰুষ মহিলা তথা কিশোৰ।ব্ৰহ্মপুত্ৰ নদীত অবৈধভাৱে চলাচল কৰা যন্ত্ৰ চালিত নাওঁ সমুহৰ পৰা ধন কৰাৰো অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে দৰঙৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইৰচৰ পাৰ ঘাটত পুৱাই দেখা গল বহুতো যন্ত্ৰ চালিত নাওঁ।মৰিগাঁও জিলাৰ আশিঘৰ-বৰকোৰাণীত থকা ধৰ্মীয় সভাত যোৱাৰ বাবে ভিৰ কৰিছে শশ পুৰুষ মহিলাৰ লগতে কণ-কণ শিশুও। শশ যাত্ৰীলৈ ভৰা ব্ৰহ্মপুত্ৰত যাতায়ত কৰা যন্ত্ৰ চালিত নাওঁ সমুহত নাই কোনো জীৱন ৰক্ষা কৱজ। শ্যামপুৰ আৰক্ষীৰ চকুত ধুলি দি এনেদৰে অবৈধভাৱে যাতায়ত কৰা নাওঁ সমুহৰ বিৰূদ্ধে উপস্থিত হল আৰিমাৰী আঞ্চলিক নেমছুৰ কৰ্মকৰ্তাই। নেমছুৰ কৰ্মকৰ্তাই সিহঁতক বাধা দিয়ে যদিও সিহঁতৰ কথাত কোনো ধৰণৰ গুৰুত্ব নিদি অব্যাহত ৰাখিছে যন্ত্ৰ চালিত নাওঁৰ চলাচল। অবৈধভাৱে চলাচল কৰা যন্ত্ৰ চালিত নাওঁৰ বিৰূদ্ধে শ্যামপুৰ আৰক্ষীক অবগত কৰে যদিও গুৰুত্ব নাই আৰক্ষীৰ। তাৎপৰ্যপূৰ্ণ কথা হল ব্ৰহ্মপুত্ৰ নদীত অবৈধভাৱে চলাচল কৰা নাওঁ সমুহৰ পৰা ১৫শৰ পৰা ২ হাজাৰকৈ টকা লয় স্থানীয় মহলদাৰে। শ্যামপুৰ আৰক্ষীৰ সন্মুখতে প্ৰতিখন নাওঁৰ পৰা ৰিছিভবিহীনভাৱে সংগ্ৰহ কৰা ধন খিনি কাৰ পকেটলৈ যায়। এতিয়া প্ৰশ্ন হয় ভৰা ব্ৰহ্মপুত্ৰত অবৈধভাৱে যাত্ৰীলৈ যাতায়ত কৰা নাওঁ সমুহৰ বিৰূদ্ধে শ্যামপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষণীয়।

Leave A Reply

Your email address will not be published.