সাংস্কৃতিক অনুষ্ঠানত অসমীয়া গীত পৰিবেশন কৰাত বাধা দিয়া লোকৰ ক্ষমা বিচাৰি প্ৰাৰ্থনা

0

যোৱা ১২ অক্টোবৰ, ২০২৪ তাৰিখে নাহৰকটীয়াৰ উমাতাৰা চাহ বাগিচাত দুৰ্গা পূূজাৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল । সাংস্কৃতিক অনুষ্ঠানটিত গীত পৰিবেশন কৰিবলৈ সাপেখাটীৰপৰা শিল্পী এগৰাকীক আমন্ত্ৰন কৰা হৈছিল । শিল্পী গৰাকীয়ে গীত পৰিবেশন কৰি থাকোঁতে অসমীয়া গীত পৰিবেশন কৰিব লৈছিল আৰু সেই সময়ত অনুষ্ঠানটোৰ উদযাপন সমিতিৰ কিছু বিষয়ববীয়া আৰু কিছু স্থানীয় লোকে শিল্পীগৰাকীক অসমীয়া গীত পৰিবেশন কৰাত বাধা দিয়ে । উক্ত ঘটনাটোৰ বাতৰি সম্প্ৰচাৰ হয় । অসমীয়া গীত পৰিবেশন কৰাত শিল্পী গৰাকীক বাধা দিয়া উমাতাৰা চাহ বাগিচাৰ দুৰ্গা পূজা উদযাপন সমিতিৰ বিষয়ববীয়া আৰু যুৱকসকলে নিজৰ ভুল স্বীকাৰ কৰি সমগ্ৰ অসমবাসীৰ ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰে আৰু ভবিষ্যতে এনেকুৱা ভুল নকৰোঁ বুলি কয় ।

Leave A Reply

Your email address will not be published.