খাৰুপেটীয়াত এটা আত্মসহায়ক গোটৰ সম্পাদিকাৰ আজৱকাণ্ড
খাৰুপেটীয়াত এটা আত্মসহায়ক গোটৰ সম্পাদিকাৰ আজৱকাণ্ড গোটৰ সভানেত্ৰী সদস্যাৰ অজ্ঞাতে একাউণ্টৰ পৰা ৫ লাখ টকা উঠাই আত্মসাৎ সদস্যাৰ চহী জালিয়াতি কৰাৰ অভিযোগ সম্পাদিকাৰ বিৰুদ্ধে দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ৰ অধীনস্থ আত্মসহায়ক গোট সমুহত ব্যাপক অনিয়ম সংঘটিত হৈছে । কাৰ্যালয় খনৰ অন্তৰ্গত ফকিৰপাৰা গাঁও পঞ্চায়তত অনিয়ম সংঘটিত হৈছে এই অনিয়ম। অভিযোগ দিয়া মতে ফকীৰপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিজ বৰুৱাঝাৰ গাঁৱৰ ১১ জনী মহিলাই মিলি ৰজনী আত্মসহায়ক গোট গঠন কৰিছিল । গোটৰ সম্পাদিকা ৰেহেনা পাৰবিনে সভানেত্ৰী আৰু বাকী সদস্যা সকলক অন্ধকাৰত ৰাখি নিজৰ ইচ্ছামতে চলাই গৈছিল গোটৰ কাম কাজ । গোটৰ সদস্যা সকলে ঋণৰ বিষয়ে আলোচনা কৰিলেই বিভিন্ন অজুহাত দেখুৱাই সম্পাদিকা ৰেহেনা বেগমে। চতুৰ সম্পাদিকা গৰাকীয়ে সভানেত্ৰীৰ অনুমতি নোলোৱাকৈ ৰজনী আত্মসহায়ক গোটৰ নামত ইউনিয়ন বেংকৰ পৰা ঋণলৈ আত্মসাত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। গোটৰ সদস্যাৰ চহী জাল কৰাৰো অভিযোগ একাংশ সদস্যাৰ।ঘটনা সন্দৰ্ভত দলগাও অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰে গোটৰ আন আন সদস্যাই। সঠিক তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে ভোক্তভোগী মহিলা সকলে ।