নগাঁৱত ষ্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
৩০ দিনৰ ভিতৰত ষ্মাৰ্ট মিটাৰ খোলি নানিলে ৰাইজে নিজে নিজে এই মিটাৰ খোলি পেলোৱাৰ দাবী।
সোমবাৰে নগাঁও বিদ্যুৎ সংমণ্ডৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিয়ে। সংগঠণটোৰ শতাধিক কৰ্মীয়ে নগাঁও পাৱাৰ গ্ৰীড চাৰিআলিৰ পৰা সমদল কৰি আহি জিলা বিদ্যুৎ বিভাগৰ সংমণ্ডৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে হাতে হাতে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ বেনাৰ পুষ্টাৰ আৰু ফেষ্টুনাৰ লৈ কাৰ্যালয়ৰ সন্মুখ ভাগত উত্তাৱল প্ৰতিবাদ কৰে। প্ৰতিবাদ কাৰীয়ে বিপিয়েলৰ হিতাধীকাৰীয়ে পূৰ্বে মাহেকত ৬০ টকা লাইটৰ বিল পৰিশোধ কৰা পৰিবৰ্তে স্মাৰ্ট মিটাৰত ৫০০ টকা বিল পৰিশোধ কৰা বিষয়টোও সাংবাদিকৰ আগত প্ৰকাশ কৰে। যদি ৩০ দিনৰ ভিতৰত ষ্মাৰ্ট মিটাৰ খোলি নানে, তেন্তে ৰাইজে নিজে খোলি পেলাব বুলি প্ৰতিবাদ কাৰীয়ে হুংকাৰ প্ৰদান কৰে।