দলগাওঁত বানপানীৰ ভয়ংকৰ ৰূপ।
দলগাওঁত বানপানীৰ ভয়ংকৰ ৰূপ।দৰংৰ দলগাঁৱত ভয়ংকৰ বান পৰিস্থিতি। দলগাঁৱৰ খেৰণি চাপৰিৰ মাজেৰে বৈ যোৱা ধনশিৰী নৈৰ খহনীয়াৰ কৱলত পৰাৰ আশংকা ঘনীভূত হৈছে গাঁও খনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় । নৈৰ পৰা মাত্ৰ কিছু নিলগত থকা বিদ্যালয়খন,যিকোনো মুহূৰ্ততে জাহঁ যাব পাৰে ধনশিৰী নৈৰ বুকুত। তাৰ সমান্তৰালভাৱে নৈৰ পৰা কিছু মিটাৰ দূৰত্বত আছে জল জীৱন মিছন আঁচনিৰ অধীনত স্থাপন কৰা এক কোটি টকীয়া প্ৰকল্প । সম্প্ৰতি পানী যোগান আঁচনিখনো ধনশিৰী নৈত জাহঁ যোৱাৰ উপক্ৰম হৈছে । ইতিমধ্যে ধনশিৰিৰ বুকুত জাঁহ গৈছে কেবাটাও পৰিয়ালৰ সপোনৰ ঘৰৰ লগতে শ শ কৃষিভূমি ধনশিৰী নৈৰ এনে কালৰূপ প্ৰত্যক্ষ কৰি একাংশই নিজৰ ঘৰ ভাঙি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ৷ সম্প্ৰতি খেৰণি চাপৰিবাসী ৰাইজ ভুগিছে শংকাত, প্ৰয়োজন হৈছে চৰকাৰ তথা প্ৰশাসনৰ সঁহাৰিৰ । বিভিন্ন সময়ত খেৰণিৰ ৰাইজে স্থানীয় বিধায়ক মজিবুৰ ৰহমানক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যদিও নাপালে কোনো সুফল । অচিৰেই অঞ্চলটোত মথাউৰি নিৰ্মাণ কৰি দিবলৈ বিভাগক আহব্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷