জুৰীয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস।
জুৰীয়াৰ জেঙনিত বাঘৰ সন্ত্ৰাস। পথাৰত কাম কৰি থকা অৱস্থাতে দুজনকৈ লোকক বাঘৰ আক্ৰমণ। সংকটজনক অৱস্থাত আহত দুয়োজন লোক। উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ ব্যক্তি দুগৰাকীক। লাওখোৱাৰ পাৰ্শ্বৱৰ্তী জেঙনিত সংঘটিত হৈছে এই ঘটনা। বাঘৰ আক্ৰমণত আহত হোৱা লোক দুজন হৈছে ক্ৰমে আব্দুল আজিজ আৰু আক্তৰ আলী। বানৰ বাবে খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা বাঘ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে
![](https://assamnortheastnewslive24x7.com/wp-content/uploads/2024/07/7-1024x501.png)