বিশ্বনাথ জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
বিশ্বনাথ জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ১,০৭৯ গৰাকী কৃতী শিক্ষাৰ্থীলৈ স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৭,৮৪২ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ৫৫১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ নগদ আৰ্থিক পুৰস্কাৰ প্ৰদান
বিশ্বনাথ জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি বিশ্বনাথ জিলাৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ১০৭৯ গৰাকী কৃতী শিক্ষাৰ্থীলৈ স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ৭৮৪২ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৫৫১ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে নগদ পুৰস্কাৰ প্ৰদান কৰে৷ বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কেইগৰাকীমান শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে স্কুটীৰ প্ৰতীকী চাবি, আনন্দৰাম বৰুৱা বঁটাৰ প্ৰতিকী চেক আৰু চাইকেলৰ চাবি প্ৰদানেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
আঁচনি এই সময়ছোৱাত ৰাইজৰ মাজলৈ লৈ যোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইবছৰ ৰাজ্যৰ ২৬,৬৯৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা হিচাপে শিক্ষাগ্ৰহণৰ সুবিধাৰ্থে ১২,৫০০ টকাকৈ নিজৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে লাভ কৰিছে। বিশ্বনাথ জিলাৰ ৫৫১ গৰাকী কৃতী শিক্ষাৰ্থীয়ে এইবছৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰিছে। আনহাতে বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এইবাৰ ৰাজ্যৰ অভিলেখসংখ্যক ৪৮,৬৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে লাভ কৰিছে। এই আঁচনিৰ অধীনত আজি বিশ্বনাথ জিলাৰ ১,০৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটাৰ লাভ কৰিছে। তেওঁ লগতে কয় যে শিক্ষা ব্যৱস্থা আৰু শিক্ষা গ্ৰহণক সহজলভ্য কৰি তোলাৰ বাবে এইবাৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৰাজ্যৰ ৩,২৩,৬৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰা হৈছে আৰু বিশ্বনাথ জিলাৰ ৭,৮৪২ গৰাকী শিক্ষাৰ্থীয়ে আজিৰ অনুষ্ঠানত চাইকেল লাভ কৰিবলৈ সমৰ্থ হৈছে।
মন্ত্ৰী সিংহলে স্কুটাৰ বিতৰণ কৰি আনকি ছাত্ৰ ছাত্ৰী সকলক বাহন চালনৰ অনুজ্ঞাপত্ৰৰ ব্যৱস্হা কৰি দিবৰ বাবে জিলা আয়ুক্তক অনুৰোধ কৰে।আজিৰ অনুষ্ঠানত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, স্থানীয় বিশিষ্ট ব্যক্তিসকল, হিতাধিকাৰী ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়ত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।
বিশ্বনাথৰ পৰা ভিডিঅ’ জাৰ্নেলিষ্ট অজয় মহান্দৰ সৈতে অমিত তাছা ৰ ৰিপোৰ্ট