জটিল ৰোগত আক্ৰান্ত কচুৱা জুৰিৰপাৰৰ ফৰিদুল ইছলাম।

0

জটিল ৰোগত আক্ৰান্ত কচুৱা জুৰিৰপাৰৰ ফৰিদুল ইছলাম।

নগাঁৱৰ কচুৱা জুৰিৰপাৰৰ ফৰিদুল ইছলাম নামৰ যুৱকজন জটিল ৰোগত আক্ৰান্ত হৈ বিচনাত ছটফটাই দিনৰ পিছত দিন পাৰ কৰিব লগীয়া হৈছে।

যুৱকজনৰ দুয়োটা কিডনী বিফল হোৱাত নগাঁও ,গুৱাহাটীত চিকিৎসা প্ৰদান কৰিছে যদিও সুস্থ হৈ উঠা নাই যুৱক জন।

বৰ্তমান যুৱক জনক উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে যদিও আৰ্থিক দূৰৱস্থাৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে।

প্ৰায় চাৰি মাহ ধৰি ধনৰ অভাৱত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত নিজ ঘৰতে ছটফটাই আছে জটিল ৰোগত আক্ৰান্ত লোকজন।

যাৰ বাবে সদাদয় ব্যক্তিৰ সহায় সহযোগিতা বিচাৰিছে দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোৱে।

আনকি  দূৰ্ভগীয়া পৰিয়ালটো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ পৰা সহায় বিচাৰিছে।

কোনো সদাদয় ব্যক্তিয়ে অসুস্থ ৰোগীজনক  সহায় কৰিব বিচাৰে তেন্তে একাউণ্ট নম্বৰ 2076201700058123 IFSC:PUNB0207620 একাউণ্ট নম্বৰত অথবা গুগল পে আৰু 8453767852 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

কচুৱাৰ পৰা গুলজাৰ হুছেইন ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.